ETV Bharat / state

Dhemaji murder : অৰুণাচলৰ প্ৰাক্তন SPক গুলীয়াই হত্যা অসমৰ ASIৰ

author img

By

Published : Jan 7, 2023, 2:53 PM IST

ভূমি বিবাদে প্ৰাণ ল'লে অৰুণাচলৰ প্ৰাক্তন অধীক্ষকৰ (Arunachal ex SP killed)। সীমাৰ বেৰ দিয়াক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল । ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক আলোক কোঁৱৰে চাৰ্ভিছ পিষ্টলেৰে গুলীয়াই হত্যা কৰে অৰুণাচলৰ অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক অমূল্য বৰুৱাক ।

Dhemaji murder
অৰুণাচলৰ প্ৰাক্তন SPক গুলীয়াই হত্যা অসমৰ ASIৰ

ধেমাজি,৭ জানুৱাৰী : ধেমাজিৰ ভেঁহপাৰা গাঁৱত ৰাজ্য কঁপাই যোৱা এক ঘটনা সংঘটিত হৈছে (Dhemaji murder case)। আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে আন এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষীক । ঘটনাক লৈ সমগ্ৰ ধেমাজি জিলাতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

আৰক্ষীয়ে জনোৱা মতে হত্যাকাণ্ডটো শনিবাৰে পুৱা সংঘটিত হৈছে (Assam police ASI killed Ex Arunachal SP)। ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ সদ্য নিযুক্তিপ্ৰাপ্ত সহকাৰী উপ-পৰিদৰ্শক আলোক কোঁৱৰৰ চাৰ্ভিছ পিষ্টলৰ গুলীত নিহত হৈছে অৰুণাচল প্ৰদেশৰ অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক অমূল্য বৰুৱা ৷ ইতিমধ্যে ধেমাজি সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে হত্যাকাৰী সহকাৰী উপ-পৰিদৰ্শক আলোক কোঁৱৰে ৷

আৰক্ষীয়ে জনোৱা মতে সহকাৰী উপ-পৰিদৰ্শক আলোক কোঁৱৰে চাৰ্ভিছ পিষ্টলৰে দুজাই গুলী ফুটাইছিল । অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক অমূল্য বৰুৱাৰ মূৰত আৰু পিঠিত গুলীয়ে আঘাত কৰে ৷ জানিব পৰা মতে ভূমিৰ সীমাক লৈ দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হৈছিল । সীমাৰ বেৰ দিয়াক লৈ এই সংঘাত আৰু বেছি তীব্ৰতৰ হৈছিল । কিন্তু শনিবাৰে এই সংঘাতে ভয়ংকৰ ৰূপ লয় ।

স্থানীয় লোকে জনোৱা মতে আলোক কোঁৱৰৰ ঘৰলৈ ভূমি সীমাক লৈ আলোচনা কৰিবলৈ আহিছিল অমূল্য বৰুৱা ৷ আলোচনাই এটা সময়ত চূড়ান্ত ৰূপ লয় আৰু আলোক কোঁৱৰৰ চাৰ্ভিছ পিষ্টলৰ গুলীত ঘৰৰ বাৰাণ্ডাতে ঢলি পৰে অৰুণাচলৰ অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক অমূল্য বৰুৱা (Assam Police ASI killed ex SP with service pistol)৷ আৰক্ষীয়ে জনোৱা মতে ঘটনাৰ পাছতে হত্যাকাৰী সহকাৰী উপ-পৰিদৰ্শক আলোক কোঁৱৰে ধেমাজি সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে ।

আৰক্ষীয়ে সহকাৰী উপ-পৰিদৰ্শক আলোক কোঁৱৰৰ চাৰ্ভিছ পিষ্টল জব্দ কৰাৰ লগতে হত্যাকাণ্ডৰ স্থানৰ পৰা খালী কাৰ্টিজ জব্দ কৰিছে । ঘটনাস্থলীত ধেমাজি আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা আৰু দণ্ডাধীশ উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে । অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক অমূল্য বৰুৱাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ এই লোমহৰ্ষক হত্যাকাণ্ডই এতিয়া সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক অমূল্য বৰুৱাই বৰ্তমান ধেমাজিৰ সুৰুয নগৰত পুত্ৰ আৰু পত্নীৰ সৈতে বাস কৰি আছে আৰু তেওঁ ভেঁহপাৰাত নতুনকৈ কিনা মাটি ক্ৰয় কৰিছিল । লক্ষণীয়ভাৱে হত্যাকাৰী সহকাৰী উপ-পৰিদৰ্শক আলোক কোঁৱৰে চাৰ্ভিছ পিষ্টল কেনেদৰে ঘৰলৈ লগত লৈ আহিল সেয়াও এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ।

লগতে পঢ়ক :Human Trafficking in Guwahati: মহানগৰ আৰক্ষীৰ জালত দুই নাৰী সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.