ধেমাজি, 6 আগষ্টঃ জোনাইত চিমেন নদীৰ ভয়াৱহ খহনীয়া অব্যাহত ৷ নদীখনৰ প্ৰৱল খহনীয়াৰ ফলত শংকিত ৰাইজ ৷ সমগ্ৰ ৰাজ্যখনত বানে বিস্তৰ ক্ষতি সাধন কৰে ৰাইজৰ ৷ এতিয়াও ৰাজ্যৰ বিভিন্ন অঞ্চলত অব্যাহত আছে ভয়ংকৰ গৰাখহনীয়া ৷ অৰুণাচল প্ৰদেশৰ চিমেন নদীৰ খহনীয়াই মাজৰবাৰী অঞ্চলত তীব্ৰ ৰূপ ধাৰণ কৰিছে | নদীখনৰ প্ৰৱল খহনীয়াৰ ফলত কাজিৰঙা ৪নং, মাজৰবাৰী , লমাজান অঞ্চলৰ ৰাইজ শংকিত হৈ পৰিছে |
ইয়াৰ পিছতো চৰকাৰ কিম্বা জলসম্পদ বিভাগে চিমেন নদীৰ খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত, খহনীয়াৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সংযুক্ত বড়ো গণমঞ্চৰ পশ্চিম সানজাৰি নৗগৗৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা সমিতিৰ সহযোগত ডেৰ শতাধিক কৰ্মী আৰু স্থানীয় ৰাইজে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰে | উল্লেখ যোগ্য যে, ১৫-১৬ বৰ্ষত মাজৰবাৰী চিমেন নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে ২৪ কোটি ব্যয় সাপেক্ষে বাহৰ পাৰ্কুপাইন স্থাপন কৰিছিল যদিও অজি ইয়াৰ কোনো চিন পাবলৈ নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে | গৰাখহনীয়া প্ৰতিৰোধ কাৰ্যত ধেমাজি জিলাৰ ইউবিপিঅ ৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, সাধাৰণ সম্পাদক দিপাংকৰ নাৰ্জাৰী, সম্পাদক সন্থা গয়াৰী, লগতে ইউবিপিঅ ৰ কেন্দ্ৰীয় সভাপতি মিহিনিশ্বৰ বসুমতাৰী, অবিভক্ত লক্ষীমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যান পৰিষদৰ সভাপতি মলেন্দ্ৰ নাৰ্জাৰীৰ লগতে বহুসংখ্যক লোক উপস্থিত থাকে ৷