ধেমাজি, ১০ নৱেম্বৰ: ৰাজ্য চৰকাৰৰ অনিৰ্ধাৰিত পুজি আঁচনিৰ অধীনত ধেমাজিত তাই সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ নিৰ্মাণ কৰা হৈছে। মঙলবাৰে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে বিধায়ক ডা: ৰণোজ পেগুৱে। ধেমাজিত সদৰ উন্নয়ন খণ্ডৰ সমীপত নিৰ্মাণ কৰা হৈছে এই সাংস্কৃতিক গৱেষণা কেন্দ্ৰটো ।
নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে আটাছুৰ সভাপতি লিটুল বুঢ়াগোহাঁই আৰু যুটীয়া সম্পাদক মনোজ গগৈসহ অন্যান্য নেতা কৰ্মীসকল। আহোমৰ পৰম্পৰাগত ৰীতি-নীতিৰে নিৰ্মাণ কাৰ্যৰ আৰম্ভণি কৰা হয়। ভৱিষ্যত প্ৰজন্মক জনগোষ্ঠীটোৰ সংস্কৃতিৰ বিষয়ে আভাস দিব পৰাকৈ নিৰ্মাণ কৰা হৈছে এই গৱেষণা কেন্দ্ৰ।