ETV Bharat / state

ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী - 'কা' বাতিলৰ দাবী

ধেমাজিত 'কা' বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শতাধিক সদস্য। ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।

ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী

author img

By

Published : Nov 3, 2020, 3:17 PM IST

ধেমাজি, ৩ নৱেম্বৰ: নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীৰে ধেমাজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ। সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ শতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে ধেমাজিৰ ৰাজপথ। প্ৰতিবাদী কাৰ্যসূচীত জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই চৰকাৰক 'কা' বাতিলৰ দাবী জনায় আৰু এই আইন বাতিল নকৰিলে পৰৱৰ্তী সময়ত পুনৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ সকীয়নি দিয়ে। মঙলবাৰে ৰাজ্যৰ বিভিন্ন জিলাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে বিক্ষোভ প্ৰদৰ্শন কৰে।

লগতে পঢ়ক:নগাঁৱত তীব্রতৰ কংগ্ৰেছৰ দুই লবীৰ সংঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.