ETV Bharat / state

পানীৰ নামত কি সেৱন কৰিছে উত্তৰ ধেমাজিবাসীয়ে !

জনস্থাস্থ্য কাৰিকৰী বিভাগৰ বিকল পানী আচঁনিৰ বাবই আইৰণযুক্ত পানী সেৱন কৰিবলগা হৈছে বৃহত্তৰ উত্তৰ ধেমাজিবাসীয়ে

author img

By

Published : Jul 29, 2019, 11:23 PM IST

পানীৰ নামত আইৰণযুক্ত বৰবিহ সেৱন

ধেমাজী,29 জুলাই : জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ নামত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে প্ৰতিবছৰে লক্ষ লক্ষ টকাৰ পানী যোগান আঁচনি ৰূপায়ণ কৰি আহিছে ৷ কিন্তু বাস্তৱত এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে জনসাধাৰণে ৷ কিয়নো ৰাজ্যখনত দীৰ্ঘদিন ধৰি বিকল হৈ থকা পানী যোগান আচঁনিসমূহ পুনৰুজ্জীৱিত কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰে। বিশেষকৈ দীৰ্ঘদিন ধৰি বিকল হৈ পৰি আছে ধেমাজি জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অধীনৰ বৃহত্তৰ উত্তৰ ধেমাজিৰ বাসুদেৱ তিনি আলিৰ পানী যোগান প্ৰকল্পটো ৷ তাৰ ফলত বাসুদেৱ তিনিআলি,বোকাবিল,টঙনাপৰা মিচিং গাওঁ,কোচগাঁও,কলিতা গাওঁ,জামুগুৰি পাঁচআলি আদিকে ধৰি সাত খন গাৱঁৰ জনসাধাৰণে সেৱন কৰিবলগীয়া হৈছে দূষিত পানী। স্থানীয় ৰাইজে জনোৱা মতে সুদীৰ্ঘ পোন্ধৰ বছৰ ধৰি এই প্ৰকল্পটো বিকল হৈ থকাৰ পৰিপ্ৰেক্ষিতত সেৱন কৰিবলগীয়া হৈছে টিউৱেলৰ আইৰণ আৰু আচেৰ্নিক যুক্ত পানী। সেয়ে এই আঁচনিখন শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিলে উপকৃত হ'ব বুলি মন্তব্য কৰে অঞ্চলবাসী ৰাইজে । মন কৰিবলগীয়া যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীগৰাকীয়ে প্ৰত্যেক ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী উপলব্ধ হোৱাৰ উপৰিও বিকল আচঁনিসমূহ মেৰামতি হ'ব বুলি কৈ অহাৰ সময়তে এনে নগ্ন ছবিয়ে উদঙাই দিছে প্ৰকৃতাৰ্থত বিভাগটোৰ পঁয়ালগা স্বৰূপটো ৷

Intro: জনস্থাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আচঁনি বিকল পানীৰ নামত আইৰণযূক্ত বৰবিহ সেৱন বৃহত্তৰ উত্তৰধেমাজিবাসী ৰ ।

Body:ধেমাজি , 29 , জুলাই : জনসাধাৰণৰক বিশুদ্ধ খোৱা পানী যোগান ধৰা ৰ নামত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে প্ৰতিবছৰে লক্ষ লক্ষ টকাৰ পানী যোগান আঁ চনি ৰূপায়ন কৰি আহিছে যদিও আপাতত এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে জনসাধাৰণে ।
কিয়নো দীৰ্ঘদিন ধৰি বিকল হৈ থকা পানী যোগান আচঁনিসমূহ পুনৰুজ্জীৱিত কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । বিশেষকৈ ধেমাজি জনস্থাস্থ্য কাৰিকৰী সংমণ্ডলৰ অধীনৰ বৃহত্তৰ উত্তৰ ধেমাজিৰ বাসুদেৱ তিনি আলিৰ পানী যোগান আচঁনিখন দীৰ্ঘদিন ধৰি বিকল হৈ জহি খহি যোৱাত বাসুদেৱ তিনিআলি , বোকাবিল , টঙনাপৰা মিচিং গাওঁ , কোচগাও , কলিতা গাওঁ , জামুগুৰি পাঁচ্আলি আদি কে ধৰি 7/8 খন গাৱঁৰ জনসাধাৰণে দূষিত পানীকে সেৱন কৰিবলগীয়া হৈছে । সম্প্ৰতি আচনিখন সম্পূৰ্ণ জহি - খহি গৈ ইয়াৰ যন্ত্ৰাংশ সমূহো নষ্ট হৈ যোৱা পৰিলক্ষিত হৈছে ।
স্থানীয় ৰাইজে জনোৱা মতে সুদীৰ্ঘ পোন্ধৰ বছৰ ধৰি এই আঁচনিখন বিকল হৈ থকাৰ পৰিপ্ৰেক্ষিতত টিউৱেলৰ আইৰণ আৰু আচেৰ্নিক যুক্ত পানীকে সেৱন কৰিবলগীয়া হৈছে । কিন্তু আজিকোপতি সংশ্লিষ্ট বিভাগটোৱে আচঁনি খন মেৰামতি কৰি কাযক্ষম কৰি তোলা নাই ।সেয়ে এই আঁচনিখন শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিলে অঞ্চলবাসী উপকৃত হব বুলি মন্তব্য কৰে ।

Conclusion:মন কৰিবলগীয়া যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীগৰাকীয়ে প্ৰত্যেক ৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী উপলব্ধ হোৱাৰ উপৰিও বিকল আচঁনিসমূহ মেৰামতি হব বুলি কৈ অহাৰ সময়তে এনে নগ্ন ছৱিয়ে উন্মোচিত কৰিছে প্ৰকৃতাৰ্থত বিভাগটোৰ পয়ালগা স্বৰূপটো ।

byte...1..+2...
PTC..

PRADUNYA BHARALI , DHEMAJI , ETV , BHARAT, ASSAM , 29/7/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.