জোনাই,27 নৱেম্বৰ : সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে জোনাই মহকুমা বিদ্যুৎ উপ সংমণ্ডলৰ প্ৰাংগণত পুৱা 10 বজাৰ পৰা এক সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে ৷
কেন্দ্ৰীয় চৰকাৰ জাতীয় স্বাৰ্থ বিৰোধী দেশৰ বিদ্যুৎ খণ্ডৰ লগতে অসম শক্তি বিতৰণ কোম্পানী ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে কো-অ’ৰ্ডিনেশ্যন কমিটী অৱ ইলেক্ট্ৰিচিটি এমপ্লইজ আৰু ইঞ্জিনিয়াৰ্চ এণ্ড পেঞ্চনাৰ্ছৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই ধৰ্মঘট কাৰ্যসূচী ৷
লগতে পঢ়ক : জোনাইৰ ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল বাসগৃহ