ETV Bharat / state

Amazone ত শ্বপিং কৰি বিপাঙত ধেমাজিৰ এগৰাকী গ্ৰাহক - অনলাইন শ্বপিং এপ Amazone

অনলাইন শ্বপিং এপ Amazone ত বজাৰ কৰি বিপাঙত পৰিল ধেমাজি নগৰৰ 5 নং ৱাৰ্ডৰ এগৰাকী গ্ৰাহক (Allegation against amazon cheats customers) ৷ অৰ্ডাৰ দিয়া সামগ্ৰীৰ বিপৰীতে আহিল কেৱল ছীল মোহৰ মৰা খালী পেকেট ৷

Amazone ত শ্বপিং কৰি বিপাঙত ধেমাজিৰ এগৰাকী গ্ৰাহক

author img

By

Published : Sep 5, 2022, 10:28 PM IST

ধেমাজি, 5 ছেপ্টেম্বৰ : আপোনাৰ বাৰু অনলাইন শ্বপিং কৰাৰ অভ্যাস আছে নেকি ? মন গ’লেই বা কোনো সামগ্ৰীৰ প্ৰতি আকৰ্ষিত হ’লেই দিয়ে নেকি অনলাইনৰ বিভিন্ন শ্বপিং এপত অৰ্ডাৰ ? যদি এই অভ্যাস আপোনাৰ আছে, তেন্তে সাৱধান হওক ৷ কিয়নো আপুনিও পৰিব পাৰে প্ৰৱঞ্চকে পতা জালত ৷

অভিযোগ অনুসৰি, ধেমাজি নগৰৰ 5 নং ৱাৰ্ডৰ এগৰাকী লোকে অনলাইন এপ amazone ত এটা ইলেক্ট্ৰনিক সামগ্ৰী অৰ্ডাৰ দিছিল ৷ পিছে নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট সামগ্ৰীটোৰ বিপৰীতে ঘৰত আহি পালে এটা খালী পেকেট । অৱশ্যে ডেলিভাৰী বয়ৰ সন্মুখতে গ্ৰাহকজনে পেকেটো খুলি চোৱাতহে পোহৰলৈ আহে সমগ্ৰ তথ্য (Allegation against amazon cheats customers) ৷

ছীল মৰি পেক কৰি দিয়া পেকেটোৰ ভিতৰত নাছিল কোনো সামগ্ৰী ৷

Allegation against Indias largest online store amazon cheats customers in Dhemaji
Amazone ত শ্বপিং কৰি বিপাঙত ধেমাজিৰ এগৰাকী গ্ৰাহক

তাৰ পাচতে বিপাঙত পৰিল গ্ৰাহক আৰু ডেলিভাৰী বয় । অনিচ্ছা সত্বেও পইচা ঘূৰাই দিয়া চুক্তিত পেকেট খোলাৰ বাবদ ডেলিভাৰী বয়ে ল’লে গ্ৰাহকৰ পৰা ধন । মন কৰিবলগীয়া যে, Indias largest online store বুলি দাবী কৰি থকা amazone এতিয়া এনেদৰে ব্যৱসায়ৰ নামত ৰামঠগন দিছে একাংশ গ্ৰাহকক ৷ এই অভিযোগ একাংশ ভুক্তভোগী লোকৰ ৷

এতিয়া প্ৰশ্ন হয়, ধেমাজি নগৰৰ 5 নং ৱাৰ্ডৰ ভুক্তভোগী গ্ৰাহকগৰাকীয়ে ঘূৰাই পাব নে ধন ? আমাৰ এই বাতৰি প্ৰত্যক্ষ কৰাৰ পাচত অনলাইন সামগ্ৰী ক্ৰয় কৰোতে কিছু সাৱধান হওক আপুনিও ৷ অন্যথা অনলাইনত সামগ্ৰী কিনিবলৈ গৈ সাঁচতীয়া ধন খৰচ কৰি সবস্বান্ত হৈ পৰিব পাৰে আপুনিও ৷

লগতে পঢ়ক : পুনৰ চৰ্চাত বাৰাণসীৰ নমো ঘাট : নিৰ্মাণত ত্ৰুটিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.