ধেমাজি, 30 অক্টোবৰ: চৰকাৰ সলনি হয় যদিও সলনি নহয় ৰাজ্যৰ আমোলা-বিষয়া তথা কৰ্মচাৰী । সমান্তৰালকৈ অপৰিৱৰ্তিত হৈ থাকে পথৰ দুৰৱস্থা । কেৱল যেন শ্ল'গানতে আৱদ্ধ হৈ থাকে ৰাজ্যৰ উন্নয়ন ব্যৱস্থা ৷ পৰিৱৰ্তনকামী চৰকাৰে যিমানে উন্নয়নৰ ঢাক-ঢোল নবজাওক কিয় বাস্তৱত তাৰ বিপৰীতে ছবিহে পৰিলক্ষিত হৈছে ৷ তেনে এক দৃশ্যই উন্মোচিত হৈছে ধেমাজিত (Poor road condition in Dhemaji) ৷
ধেমাজিৰ কুলাজানৰ পৰা বগীবিললৈ যোৱা পথচোৱাই জলা-কলা খুৱাইছে পথচাৰীক । সদাব্যস্ত পথটো মেৰামতিত বিভাগীয় কৰ্তৃপক্ষই হেমাহি কৰাৰ গুৰুতৰ অভিযোগ পথচাৰীৰ লগতে বিভিন্ন দল-সংগঠনৰ ৷ অতি গুৰুত্বপূৰ্ণ পথচোৱাত বগীবিল দলঙৰ ধেমাজি পাৰৰ অংশত সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁত ৷ বিশেষকৈ চিকিৎসা আৰু শিক্ষা সংক্ৰান্তীয় কামত ডিব্ৰুগড়লৈ অহা যোৱাৰ ক্ষেত্ৰত লক্ষীমপুৰ আৰু ধেমাজিৰ যান-বাহন আৰোহীয়ে জীয়াতু ভুগি আহিছে ৷
শেহতীয়াকৈ সংশ্লিষ্ট বিভাগে লেহেমীয়া গতিৰে পথচোৱাৰ ঠায়ে ঠায়ে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে ৷ সেয়ে এই পথচোৱা লগতে হেঁপাহৰ দলংখনত সৃষ্টি হোৱা গাঁতবোৰ খৰতকীয়াকৈ মেৰামতি কৰি যাতায়তৰ সূচল কৰিবলৈ দাবী জনাইছে ধেমাজি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই (AJYCP demanded construction of road) ৷
উজ্জ্বল চুতীয়াই কয়, "দৈনিক এই পথৰে হাজাৰ হাজাৰ লোকে ডিব্ৰুগড়ৰ পৰা ধেমাজি আৰু ধেমাজি পৰা ডিব্ৰুগড়ৰ লৈ যাতায়ত কৰে ৷ কিয়নো ধেমাজি পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ যোৱা হয় ৷ কিন্তু পথৰ দুৰৱস্থাৰ বাবেই ৰোগীয়ে বিভিন্ন সময়ত জীয়াতু ভুগিবলগীয়া হয় ৷ পথৰ মাজত বৃহৎ বৃহৎ গাঁত হোৱাৰ বাবেই বিভিন্ন সময়ত পথ দুৰ্ঘটনাও সংঘটিত হৈ আহিছে ৷ দুৰ্ঘটনা সংঘটিত হৈ ইতিমধ্যেই বহু লোকৰ প্ৰাণ গৈছে ৷"
তেওঁ লগতে কয় যে, ৰাজ্য চৰকাৰলৈ এটাই আহ্বান শীঘ্ৰেই এই পথচোৱা মেৰামতি কৰি যাতায়তৰ উপযোগী কৰক ৷ যিহেতু উচ্চ শিক্ষা অথবা উন্নত স্বাস্থ্য ব্যৱস্থাৰ বাবে ধেমাজিবাসীয়ে নিৰ্ভৰ কৰিবলগীয়া হয় ডিব্ৰুগড়ৰ ওপৰত ৷ সেয়েহে নিৰ্মাণ কাৰ্য খৰতকীয়া কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ আহ্বান জনায় অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে ৷
লগতে পঢ়ক: Protest demanding road construction: পথ নিৰ্মাণৰ দাবীত কলগাছিয়াত ৰাইজৰ প্ৰতিবাদ