ETV Bharat / state

জোনাইত যুৱ-ছাত্র পৰিষদৰ শ্ৰমদান কাৰ্যসূচী - চিচিবৰগাঁও

বছৰ বছৰ ধৰি ব্যাপক সমস্যাৰ সন্মুখীন হৈ অহা ৰাইজে এই অংশত এটা কালভাৰ্ট অথবা দলঙৰ ব্যৱস্থাৰ বাবে দীৰ্ঘদিনে অনুনয়-বিনয় কৰাৰ পিছতো প্ৰশাসনে যথোপযুক্ত ব্যৱস্থা লোৱা পৰিলক্ষিত নহ'ল । সেয়ে মঙলবাৰে চিচিবৰগাঁও হৈ বৰচুকলৈ যোৱা পথৰ মুছলিম গাঁৱৰ সমীপত থকা বিধ্বস্ত পথৰ ওপৰত সামাজিক দূৰত্ব বজাই ৰাখি শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰি এখন বাঁহৰ দলং নিৰ্মাণ কৰে AJYCP ৰ চিচিবৰগাঁও আঞ্চলিক সমিতিয়ে ৷

Jonai
চিচিবৰগাঁৱত যুৱ-ছাত্র পৰিষদৰ শ্ৰমদান কাৰ্যসূচী
author img

By

Published : Jun 16, 2020, 1:47 PM IST

জোনাই, ১৬ জুনঃ চৰকাৰলৈ বাট চাই অতিষ্ঠ হৈ অৱশেষত জোনাইৰ অন্তৰ্গত চিচিবৰগাঁৱৰ বিধ্বস্ত পথৰ ওপৰত এখন বাঁহৰ দলং নিৰ্মাণ কৰে AJYCP ৰ চিচিবৰগাঁও আঞ্চলিক সমিতিয়ে ৷ বাৰিষা হ’লেই সামান্য এজাক বৰষুণৰ ফলত পথটোৰে অহা-যোৱা কৰাত স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগীকে ধৰি ৰাইজে জীয়াতু ভুগিবলগীয়া হয়। তদুপৰি এই অংশত ফলপ্ৰসু আঁচনি ৰূপায়ণ নোহোৱাৰ বাবেই চৰম যাতায়াত সমস্যাৰ সন্মুখীন হৈ আহিছে গঞা ৰাইজ। খৰালি কালত তেনেই শুকাই হৈ থকা নলাটো বাৰিষা পানীৰে উপচি পৰি সৰু নদীলৈ পৰ্যবসিত হয় । ফলত ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে দোকান পোহাৰলৈ যাবলৈ বহু অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হৈছে ।

চিচিবৰগাঁৱত যুৱ-ছাত্র পৰিষদৰ শ্ৰমদান কাৰ্যসূচী

লগতে পঢ়কঃ বদৰপুৰৰ বাগুয়া ত্ৰিভেলজ এম ই স্কুলত চুৰি কাণ্ড

বছৰ বছৰ ধৰি ব্যাপক সমস্যাৰ সন্মুখীন হৈ অহা ৰাইজে এই অংশত এটা কালভাৰ্ট অথবা দলঙৰ ব্যৱস্থাৰ বাবে দীৰ্ঘদিনে অনুনয়-বিনয় কৰাৰ পিছতো প্ৰশাসনে যথোপযুক্ত ব্যৱস্থা লোৱা পৰিলক্ষিত নহ'ল । সেয়ে মঙলবাৰে চিচিবৰগাঁও হৈ বৰচুকলৈ যোৱা পথৰ মুছলিম গাঁৱৰ সমীপত থকা বিধ্বস্ত পথৰ ওপৰত সামাজিক দূৰত্ব বজাই ৰাখি শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰি এখন বাঁহৰ দলং নিৰ্মাণ কৰে AJYCP ৰ চিচিবৰগাঁও আঞ্চলিক সমিতিয়ে ৷

প্ৰতি বছৰে মকবোল হুছেইনৰ নেতৃত্বত ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলংখনক এইবাৰ শ্ৰমদানেৰে নিৰ্মাণৰ দায়িত্ব লোৱাত এ জে ৱাই চি পি চিচিবৰগাঁও আঞ্চলিক সমিতিক স্থানীয় ৰাইজে শলাগ লৈছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.