ধেমাজি, 16 ডিচেম্বৰ : ধেমাজি নগৰৰ সমীপৱৰ্তী ৰঙাজান দলঙত বুধবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি, ধেমাজিৰ পৰা চিলাপথাৰ দিশে গৈ থকা AS250C8570 নম্বৰৰ এখন তীব্ৰবেগী ব্ৰয়লাৰ মুৰ্গী ভৰ্তি পিক্ আপ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশে আহি থকা AS22F2494 নম্বৰৰ টাটা টিয়াগো বাহনক মহতিয়াই নিয়ে ৷

পিক্ আপ বাহনে টিয়াগো বাহনখনক বহু দূৰ চোচৰাই নিয়াৰ ফলত বহু অংশ ভাঙি যায় ৷ কিন্তু ঘটনাৰ ফলত দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে বাহনৰ চালকজন ৷ চালকজন ধেমাজি জিলাৰ চৌখামগাঁৱৰ নিৱাসী ফটিক চুতীয়া বুলি জানিব পৰা গৈছে ৷

ফটিক চুতীয়াই পুৱাই ঘৰৰ পৰা ধেমাজি নগৰৰ অভিমুখে গাড়ী লৈ ওলাই অহাৰ পাছতেই নিজৰ ঘৰৰ সমীপতে দুৰ্ঘটনাত পতিত হয় ৷ এই ভয়াৱহ দুৰ্ঘটনাত ফটিক চুতীয়া সৌভাগ্যক্ৰমে ৰক্ষা পৰে যদিও ডিঙি, হাত আৰু বুকুত কিছু আঘাতপ্ৰাপ্ত হয় ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰা পিক্ আপ বাহনৰ চালকজন পলাই যাবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, ইয়াৰ আগতেও ধেমাজি নগৰত এনে ব্ৰয়লাৰ ভৰ্তি বাহনে দুঘটনা সংঘটিত কৰি বহুজনক মৃত্যুৰ দুৱাৰদলিলৈ ঠেলা দিয়াৰ ঘটনা সংঘটিত হৈছে ৷
লগতে পঢ়ক : মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ অন্তিম প্ৰচাৰ সম্পন্ন