ETV Bharat / state

ABSU 28th Annual Conference celebrated: বাগুৰুম্বা নৃত্যত উখল মাখল বগৰীগুৰী অধিবেশনস্থলী

author img

By

Published : Dec 17, 2022, 10:37 PM IST

বাগুৰুম্বা নৃত্যত উখল মাখল বগৰীগুৰী অধিবেশনস্থলী ৷ গ্ৰন্থ উন্মোচন, মনোজ্ঞ আলোচনা চক্ৰ, ক্ৰীড়া, সাংস্কৃতিক প্ৰতিযোগিতাৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি, মধ্য জোনাই আঞ্চলিক সমিতি আৰু আবৌফৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ ২৮ সংখ্যক বছৰেকীয়া অধিৱেশন উদযাপন ৷

ABSU and Jonai Anchalik Samitis 28th Annual Conference celebrated in Jonai
নিখিল বড়ো ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ বছৰেকীয়া অধিৱেশন

জোনাই, ১৭ ডিচেম্বৰ: এবছুৰ ধেমাজি জিলা সমিতি, মধ্য জোনাই আঞ্চলিক সমিতি আৰু আবৌফৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ ২৮ সংখ্যক বছৰেকীয়া অধিবেশন উদযাপন (ABSU 28th Annual Conference celebrated) ৷ তিনিদিনীয়াকৈ বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা ৰামধন দিখাৰী বগৰীগুৰী মজলীয়া বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হৈছে এই অধিৱেশনখন ।

দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱা ৮ বজাত গছপুলি ৰোপণ কৰে বগৰীগুৰী বড়ো মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক মহাদেৱ নাৰ্জাৰীয়ে । ইয়াৰ পাছতে এবছুৰ জিলা সমিতিৰ প্ৰতিনিধি শিবিৰ মুকলি কৰে মূৰ্কংচেলেক আঞ্চলিক পঞ্চায়তৰ সদস্য তৰুণ গয়াৰীয়ে । দিনৰ ১১-৩০ বজাত সৌমখৌৰ বড়োৰ সম্পাদনাত অভ্যৰ্থনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ গেজেৰ জ'নাইনি থান্দৈখন উন্মোচন কৰে চিমেন চাপৰি ইউএন একাডেমীৰ অধ্যক্ষ বিমল মুছাহাৰীয়ে ।

দুপৰীয়া ১২ বজাত বহনক্ষম উন্নয়নত বড়োসকলৰ কৰ্ম-সংস্কৃতি আৰু কৃষিকৰ্মৰ গুৰুত্ব শীৰ্ষক বিষয়ৰ আলোচনা চক্ৰখন উদ্বোধন কৰি বিকেডব্লিউএচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰোমিঅ পি নাৰ্জাৰীয়ে কয় যে গ্ৰাম্যঞ্চলৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰিবলৈ কৃষিভিত্তিক উদ্যোগ গঢ়াৰ বিকল্প পথ নাই ৷ গ্ৰাম্যঞ্চলৰ প্ৰতিটো পৰিয়াল স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে কৃষিকৰ্মত নিষ্ঠা আৰু পৰিশ্ৰমৰ দ্বাৰা নিজকে নিয়োজিত কৰিব লাগিব বুলি মন্তব্য কৰে।

সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি আবাড এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সঞ্চালক সমল দৈমাৰীয়ে কয় যে কৃষিকৰ্মৰ জৰিয়তে কৰ্ম-সংস্কৃতি গঢ়ি তুলিব লাগিব ৷ কৃষিজাত সামগ্ৰী উৎপাদনে এখন দেশৰ দ্ৰুত উন্নয়নত প্ৰভূত বৰঙণি আগবঢ়াই ৷ কৃষকসকলে উন্নত প্ৰযুক্তি প্ৰয়োগ কৰি উৎপাদন বৃদ্ধি কৰি স্বাৱলম্বী হ’বলৈ মনোনিবেশ কৰা উচিত বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ।

মুকলি সভাত বাগুৰুম্বা নৃত্যই উখল-মাখল কৰি তোলে বগৰীগুৰীৰ অধিৱেশনস্থলী । বিয়লি ২-৩০ বজাত বিপ্লৱী শিল্পী দৈখ্ৰং খুঙ্গুৰ বসুমতাৰী সোঁৱৰণত প্ৰথমলানি সাংস্কৃতিক প্ৰতিযোগিতাৰ উদ্বোধন কৰে বিশিষ্ট শিল্পী বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্মই । বিয়লি ৪ বজাত এবছুৰ ধেমাজি জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ পাছত সন্ধিয়া ৫ বজাত জিলা সমিতিৰ প্ৰতিনিধি শিবিৰ মুকলি কৰে জোনাই জিলা বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক মানিক বড়োয়ে ।

দেওবাৰে অৰ্থাৎ ১৮ ডিচেম্বৰত অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন,শ্বহীদ তৰ্পণ, মুকলি সভা, লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব । মুকলি সভাত এবছুৰ সভাপতি, বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক, বিকেডব্লিউএচিৰ প্ৰধান, কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ শীৰ্ষ নেতা, শিক্ষক আৰু সমাজকৰ্মী উপস্থিত থাকিব ।

লগতে পঢ়ক: Assam Tourism : প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ চিৰাঙৰ কালামাটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.