ETV Bharat / state

ধেমাজিত তিনি শতাধিক নাচনীয়ে একেলগে নাচিলে বিহু - ETV BHARAT

হেপাহৰ ৰঙালীক আদৰণী জনোৱাৰ উদ্দেশ্যেৰে ধেমাজিত একেলেগে বিহু নাচিলে তিনি শতাধিক নাচনীয়ে ৷ ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজি নগৰৰ কাছাৰী ময়দানত অনুষ্ঠিত হৈছে বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা ৷

ধেমাজিত বিহুক আদৰিবলৈ তিনি শতাধিক নাচনীয়ে একেলগে নাচিছে বিহু নাচ
author img

By

Published : Apr 8, 2019, 10:51 PM IST

ধেমাজি, এপ্ৰিল: সমাগত ৰঙালী বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী ৷ আগন্তুক ৰঙালী বিহুৰ প্ৰস্তুতিৰ বাবে ৰাজ্যৰ লগতে সাজু ধেমাজিবাসী ৷ বিহুক আদৰিবলৈ তিনি শতাধিক নাচনীয়ে একেলগে নাচিছে বিহু নাচ ৷ ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজি নগৰৰ কাছাৰী ময়দানত অনুষ্ঠিত হৈছে বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা ৷ সাতদিনীয়াকৈ অনুষ্ঠিত কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে বিহু সম্ৰাজ্ঞী ঋতুপৰ্ণা সন্দিকৈ, বিহুৱা প্ৰণৱ দিহিঙীয়া লগতে লতাশিলৰ বিহু সম্ৰাজ্ঞী হিমাশ্ৰী শইকীয়াই ৷ এই কৰ্মশালাৰ জৰিয়তে ছাত্ৰ সন্থাই কেৱল ৰাজপথৰ আন্দোলনতে সীমাবদ্ধ নাথাকি উঠি অহা ছাত্ৰ-ছাত্ৰীসকলক বিহু আৰু অসমৰ লোক বাদ্যক শুদ্ধ আৰু পৰিশীলিত ৰূপত পৰিবেশন কৰাৰ বাবে ও নিৰৱিচ্ছিন্নভাৱে সংগ্ৰাম কৰি আহিছে বুলি মন্তব্য প্ৰকাশ কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মাই ৷

Intro:ধেমাজিত আছুৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদন

কৰ্মশালা ।

Body: ধেমাজি ,৮ এপ্ৰিল :

সমগ্র ৰাজ্যৰ লগতে ধেমাজিতো ৰঙালীক আদৰিবলৈ সাজু হৈছে নাচনী -- ঢুলীয়া । তিনি শতাধিক নাচনী য়ে নাচিছে একেলগে ।দুকুৰিও অধিক শিশু ঢুলীয়াই একেলগে বজাইছে ঢোল । ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত ধেমাজি নগৰৰ কাছাৰী ময়দানত সাতদিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা । কৰ্মশালাত বিহু সম্ৰাজ্ঞী ঋতুপৰ্ণা সন্দিকৈ , ধেমাজিৰ বিহুৱা প্ৰণৱ দিহিংগীয়া আদিয়ে প্ৰশিক্ষণ প্ৰদান কৰিছে ।

ইপিনে এই কৰ্মশালাৰ জৰিয়তে ছাত্র সন্থাই কেৱল ৰাজপথৰ আন্দোলনতে সীমাবদ্ধ নাথাকি উঠি অহা ছাত্ৰ ছাত্ৰীসকলক বিহু আৰু অসমৰ লোক বাদ্য ক শুদ্ধ আৰু পৰিশীলিত ৰূপত পৰিবেশন কৰাৰ বাবে ও নিৰৱচ্ছিন্নভাৱে সংগ্ৰাম কৰি আহিছে বুলি কয় জিলা ছাত্র সন্থাৰ সভাপতি ডিপক শৰ্মাই ।

byte...president . dist. AASU

Pradunya Bharali , Dhemaji , Assam, 8/4/2019

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.