জোনাই,4 মে': ধেমাজি জিলাৰ জোনাই মহকুমাৰ লক্ষী নেপালী বস্তিৰ যুৱক অনিল পেগুৱে কাঠফুলা খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে ৷ জোনাইৰ অনিল পেগু নামৰ যুৱকজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিচতে কৰ্ণাটকৰ বিভিন্ন কোম্পানীত কাম কৰি নিজ ঘৰলৈ উভতি আহি কম মাটিত খেতি কৰি স্বাৱলম্বী হ'ব পৰাৰ ওপৰত চিন্তা-চৰ্চা কৰি য়ুছেপ আলী নামৰ কৃষি বিভাগত কৰ্মৰত এজন লোকৰ পৰা আধুনিক পদ্ধতিৰ প্ৰশিক্ষণ লৈ কাঠফুলা উদ্যোগ স্থাপন কৰে ৷
অনিল পেগুৱে এনেদৰে এতিয়া প্ৰতি কিল’গ্ৰাম কাঠফুলা ২০০ টকাকৈ বিক্ৰী কৰি প্ৰতিমাহে উৎপাদন কৰি আছে ২০-২৫ হাজাৰকৈ টকা ৷ নিৱনুৱা একাংশ যুৱকক স্বাৱলম্বিতাৰ এক নতুন পথ দেখুওৱা অনিল পেগুৱে সাংবাদিকৰ আগত কয়, তেওঁ বহু পৰিমাণে কাঠফুলা উৎপাদন কৰিছে ৷ তেওঁৰ অধীনত কাম কৰা বহু যুৱকক এই বিষয়ে পৰামৰ্শ আগবঢ়াই আহিছে । আনহাতে কোনো লোকে যদি কাঠফুলা উৎপাদনৰ প্ৰশিক্ষণ ল'ব বিচাৰে তেন্তে ৮০১১৪-৪০৪০৬ নম্বৰত যোগাযোগ কৰিবলৈও অনুৰোধ জনায় যুৱকজনে ।
অন্য এক খবৰৰ বাবে: কোন মুখ্যমন্ত্ৰী হোৱাতো বিচাৰে ৰণজিৎ দাসে...