জোনাই,12 মে': জোনাইৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মুৰ্কংচেলেক ৰে’লৱে ষ্টেচনলৈ যোৱা অতিকৈ ব্যস্ত পথটো ভৰি পৰিছে ভঙা-ছিঙা পেলনীয়া সামগ্ৰীৰে ৷ পথটোৰ দুৰ্গন্ধময় পৰিৱেশে দুৰ্ভোগ ভোগাইছে স্থানীয় ৰাইজক ৷ দীৰ্ঘদিনৰ পৰা পথটোত পেলাই ৰখা মামৰে ধৰা লোহা লক্কৰ আৰু চিচাৰ বাবে সময়ে সময়ে আহত হৈছে পথটোৰে অহা-যোৱা কৰা বহু পথচাৰী ৷ স্থানীয় মহকুমা প্রশাসনৰ পৰা কোনোধৰণৰ অনুমতি নোলোৱাকৈ শ্যামল চৰকাৰ নামৰ এগৰাকী কাৱাৰী ব্যৱসায়ীয়ে এই কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
ব্য়স্ত ৰাজহুৱা পথৰ ওপৰত অবৈধভাৱে দমে দমে ৰাখিছে ভঙা-চিঙা সামগ্রী ৷ ৰাজপথৰ ওপৰত ৰখা প্লাষ্টিক, বটল আদি বিভিন্ন ধৰণৰ ভঙা-ছিঙা সামগ্ৰীয়ে অঞ্চলটোত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ ৰাজপথৰ পৰা শীঘ্ৰেই এই সামগ্ৰীবোৰ আঁতৰাবলৈ দাবী জনোৱাৰ লগতে ব্যৱসায়ী গৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰ লগতে স্থানীয় লোকসকলে ৷
লগতে পঢ়ক: এখন বাঁহনিত বাহৰ পাতিছে জাক জাক বগলীয়ে