ETV Bharat / state

ক'ভিডৰে যুঁজত জয়ী হ'ল ধেমাজিৰ এগৰাকী ৯৫ বছৰীয়া আইতা - ধেমাজি ক’ভিড

মহামাৰীৰে যুঁজি আৰোগ্য হৈ উঠিছে ধেমাজি (Dhemaji)ৰ এগৰাকী ৯৫ বছৰীয়া আইতা । ক'ভিড-১৯ (Covid-19)ত আক্ৰান্ত হোৱাৰ পিছত ধেমাজিৰ মাছখোৱা বিলতীয়া গাঁৱৰ মনতা কোচ নামৰ বৃদ্ধাগৰাকীক যোৱা ১০ জুনত ধেমাজি আন্তঃজিলা বাছ আস্থান ক'ভিড কেয়াৰ কেন্দ্ৰ (Covid care Centre)ত ভৰ্তি কৰোৱা হৈছিল ।

95 year old lady recoveres from covid19
ক'ভিডৰে যুঁজত জয়ী হ'ল ধেমাজিৰ এগৰাকী ৯৫বছৰীয়া আইতা
author img

By

Published : Jun 16, 2021, 7:21 PM IST

ধেমাজি, ১৬ জুন : ক'ভিড (Covid-19)ক হৰুৱাই সকলো ৰোগীৰ বাবে সাহস স্বৰূপ হৈ পৰিছে ধেমাজি (Dhemaji)ৰ মনতা কোচ নামৰ এগৰাকী ৯৫ বছৰীয়া আইতা । মাৰাত্মক কৰ'ণা ভাইৰাছৰ অৱস্থিতি দেহত ধৰা পৰাৰ পিছতো হতাশ হোৱা নাছিল বৃদ্ধাগৰাকী ।

95 year old lady recoveres from covid19
ক'ভিডৰে যুঁজত জয়ী হ'ল ধেমাজিৰ এগৰাকী ৯৫বছৰীয়া আইতা

অৱশেষত সুস্থ হৈ উঠে আইতাগৰাকী । যোৱা ১০ জুনত ধেমাজি আন্তঃজিলা বাছ আস্থান ক'ভিড কেয়াৰ কেন্দ্ৰ (Covid care Centre)ত তেওঁক ভৰ্তি কৰোৱা হৈছিল । বুধবাৰে পুনৰ তেওঁৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হয় আৰু ফলাফল নিগেটিভ হয় । আনহাতে, ক'ভিডক পৰাস্ত কৰা এই আইতাগৰাকী সকলোৰে বাবে প্ৰেৰনাৰ উৎস হৈ পৰিছে ৷

বৰ্তমান কৰ'ণা মহামাৰীৰ ভয়াৱহতা অব্যাহত আছে । বহু লোকে মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে । এনে সময়ত আইতাগৰাকী সুস্থ হৈ উঠাত সকলো আনন্দিত হৈ পৰিছে ।

লগতে পঢ়ক:বিলাসীপাৰাত ৯ জনকৈ জুৱাৰীক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.