জোনাই,১ মে': বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত ধেমাজি জিলাৰ সানজাৰি নৌগৰৰ চিমেন চাপৰিস্থিত পৰিষদৰ সচিবালয় প্ৰাংগণত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩১ সংখ্যক মৃত্যু তিথি উদযাপন কৰা হয় । অনুষ্ঠানৰ পুৱা ৯ বজাত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন-কীৰ্তি বিষয়ে বক্তব্য ৰাখি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিৰ বাবে ওৰেতো জীৱন উৎসৰ্গিত কৰি গ'ল বুলি উল্লেখ কৰে ৷
তেখেতৰ মহান ত্যাগ, সাহস, প্ৰেৰণাৰ ফলতহে বড়ো জাতিয়ে আজি বিশ্বত এক শক্তিশালী জাতি হিচাপে থিয় দিবলৈ সক্ষম হৈছে বুলি কৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন-দৰ্শনেই বড়ো জাতিৰ উত্তৰণৰ মাপকাঠি বুলিও বক্তব্য আগবঢ়ায় । বড়ো জাতিৰ বাটকটীয়া বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু তিথি প্ৰতিবছৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদে উদযাপন কৰাৰ লগতে মহান নেতাগৰাকীৰ কৰ্মৰাজি আৰু আদৰ্শক জীয়াই ৰখাৰ উদ্দেশ্যে আগন্তুক দিনত বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদে পৰিকল্পনা যুগুতাই উলিয়াব বুলিও বি কে ডব্লিউ এ চিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰীয়ে ভাষণত কয় ।
লগতে পঢ়ক : অসমত পুনৰ বিজেপি চৰকাৰ হ’ব: বিমল বৰা