ETV Bharat / state

এটা পথ, ২৮ খন বাঁহৰ দলংঃ বিশ্ব অভিলেখৰ দিশে গড়কাপ্তানী বিভাগ

author img

By

Published : Nov 8, 2019, 2:26 PM IST

জোনাই বিধানসভা সমষ্টিৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লক্ষীপথাৰ জামুগুৰী সংযোগী পি এম জিএছ ৱাই পথৰ বদুলা চেন্টাৰৰ আৰচিচি কালভাৰ্টটো যোৱা ৯ জুলাইতে লালী নদীৰ প্ৰলয়ংকৰী বানে ছিন্ন ভিন্ন কৰি পেলায় ৷ যাৰবাবে ১৫ খন গাঁৱৰ ৰাইজে চৰম শাস্তি ভুগিব লগা হৈছে ৷

এটা পথ, ২৮ খন বাঁহৰ দলংঃ বিশ্ব অভিলেখৰ দিশে গড়কাপ্তানী বিভাগ

জোনাই ৮ নৱেম্বৰঃ ইখনৰ পিচত সিখন চৰকাৰ সলনি হ'ল, একেদৰে সলনি হ'ল জনপ্ৰতিনিধিও কিন্তু সলনি নহ'ল একাংশ স্থানৰ পৰিৱেশ,পৰিস্থিতি ৷ এতিয়াও উন্নয়নৰ পোহৰ নপৰাকৈয়ে ৰৈ গৈছে বহু অঞ্চল ৷ ধেমাজী জিলাৰ জোনাইৰ উলুৱনীত এটা পথৰ ওপৰত ২৮ খন বাঁহৰ দলঙে উদঙাই দিছে ৰাজ্যখনৰ উন্নয়নৰ প্ৰতিচ্ছবি ৷

28 Bamboo Bridge in a road of  Assam, Jonai, Dhemaji
বাঁহৰ দলঙৰে বিশ্ব অভিলেখ গঢ়াৰ পথত জোনাইৰ উলুৱনীৰ এটা পথ
দেশে স্বাধীনতা পোৱাৰ ৭২টা বছৰৰ পিচতো ধেমাজি জিলাৰ জোনাইত আজিও আছে উন্নয়নৰ মুখ নেদেখা বহু অঞ্চল ৷ জোনাই বিধানসভা সমষ্টিৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লক্ষীপথাৰ জামুগুৰী সংযোগী পি এম জিএছ ৱাই পথৰ বদুলা চেন্টাৰৰ আৰচিচি কালভাৰ্টটো যোৱা ৯ জুলাইতে লালী নদীৰ প্ৰলয়ংকৰী বানে ছিন্ন ভিন্ন কৰি পেলায় ৷ ৰামধন দিখাৰী পঞ্চায়তবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ লক্ষীপথাৰ জামুগুৰী সংযোগী পিএমজিএছ ৱাই পথত থকা পকী কালভাৰ্টটো ভাঙি যোৱাৰ পিচত প্ৰশাসন তথা গড়কাপ্তানী বিভাগে পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণৰ কোনো পদক্ষেপ হাতত নল'লে আজি পৰ্যন্ত ৷ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ পোন্ধৰ খনৰো অধিক কৃষিজীৱী জনবসতিপূৰ্ণ গাঁৱৰ ৰাইজে বৰ্হিঃজগতৰ সৈতে যাতায়ত তথা যোগাযোগৰ ভৰষা একমাত্ৰ পথটোত থকা পকী কালভাৰ্টটোৰ পুনৰ নিৰ্মাণৰ বাবে বিকল্প ব্যৱস্থা নোলোৱাত কৃষিজীৱী ৰাইজ ভীষণ সমস্যাৰ সন্মুখীন হৈছে ৷

জোনাইৰ উলুৱনীত থকা এখন বাঁহৰ দলং

ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ ১ নং,২ নং,৩নং,জামুগুৰী,২ নং উলুৱনী,লংকা,ম্লান,মঠাম,মধ্যপুৰ,উলুৱনী জয়পুৰ,বিষ্ণুপুৰ,উলুৱনী মাজগাঁৱ,১নং উলুৱনী,নলাপাৰা,বুঢ়ীসুঁতি কছাৰী,টাকাবাৰী আদি গাঁওসমূহলৈ যোৱা এখন পথৰ ওপৰত প্ৰায় ২৮ খন জৰাজীৰ্ণ বাঁহৰ দলঙৰে অভিলেখৰ পথত ৰাজ্যৰ গড়কাপ্তানী বিভাগ ৷ বৃহত্তৰ অঞ্চলটোত আজিকোপতি কোনো এখন চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত বছৰ বছৰ ধৰি দান বৰঙণিৰে ৰাইজে নিজেই নিৰ্মাণ কৰা জৰাজীৰ্ণ বাঁহৰ দলঙৰে ৰাইজে যোগাযোগ অব্যাহত ৰাখিছে ৷

২৮ খন বাঁহৰ দলঙে উদঙাই দিছে ৰাজ্যখনৰ উন্নয়নৰ প্ৰতিচ্ছবি

ইফালে অঞ্চলটোৰ বানপীড়িত ৰাইজে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী লাভ কৰা,ৰোগীৰ চিকিৎসা ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে | বৃহত্তৰ অঞ্চলটোত কোনো ধৰণৰ চিকিৎসালয় নথকাত বিধ্বস্ত পথেৰে অতি কষ্টেৰে ৰোগীক চিকিৎসালয়লৈ নিবলগীয়া হোৱাত সমস্যাৰ সন্মুখীন হৈছে ৷ উল্লেখ্য যে ৰোগীৰ ক্ষেত্ৰতে নহয় অঞ্চলটোৰ শ শ ছাত্ৰ ছাত্ৰীৰ লগতে যাতায়তৰ ক্ষেত্ৰত ১৫ খন গাঁৱৰ ৰাইজে চৰম শাস্তি ভুগিব লগা হৈছে ৷ আঞ্চটোৰ বহু বছৰ আগতে এনৰেগা জৰিয়তে নিৰ্মাণ কৰা পথটো প্ৰতি বছৰে দিখাৰী নদীৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰি অহাৰ পিছতো আজি পৰ্যন্ত সাংসদ প্ৰদান বৰুৱা কিম্বা বিধায়ক ভুৱন পেগুৱে পথটো মেৰামতি কৰাৰ লগতে পথৰ ওপৰত থকা ২৮ খন বাঁহৰ দলং আজি পৰ্যন্ত নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰাত সাংসদ আৰু বিধায়কগৰাকীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়কঃ বাক্সাত ভুৱা ক্ৰীড়া সংগঠনৰ ভয়ানক জাল

Intro:Body:
ধেমাজি জিলাৰ উলুৱনীত এখন পথৰ ওপৰত ২৮ খন বাহঁৰ দলং/সমস্যাৰে জৰ্জৰিত জোনাইৰ ৰামধন দিখাৰী গাঁও পঞ্চায়ত/ ১৫ খন গাঁৱৰ হাৰাশাস্তি

জোনাই ৮ নৱেম্বৰ

দেশে স্বাধীনতা পোৱাৰ ৭২ বছৰৰ পিচতো ধেমাজি জিলাৰ জোনাইত আজিও আছে উন্নয়নৰ নেদেখা বহু অঞ্চল| জোনাই বিধান সভা সমষ্টিৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লক্ষীপথাৰ জামুগুৰী সংযোগী পি এম জিএছ ৱাই পথৰ বদুলা চেন্টাৰৰ আৰচিচি কালভাৰ্টটো যোৱা ৯ জুলাইতে লালী নদীৰ প্ৰলঙ্কাৰী বানে ছিন্ন ভিন্ন কৰি পেলায়| ৰামধন দিখাৰী পঞ্চায়তবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ লক্ষীপথাৰ জামুগুৰী সংযোগী পিএমজিএছ ৱাই  পথত থকা পকী কালভাৰ্টটো  আজি এমাহ দি পাৰ হৈ যোৱাৰ পিছতো চৰকাৰ প্ৰশাসন তথা গড়কাপ্তানী বিভাগে পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণৰ কোনো পদক্ষেপ হাতত লোৱা নাই |  ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ পোন্ধৰ খনৰো অধিক কৃষিজীৱী জনবসতিপূৰ্ণ গাঁৱৰ ৰাইজে বৰ্হিঃ জগতৰ সৈতে যাতায়ত যোগাযোগৰ একমাত্ৰ পথটোত থকা পকী কালভাৰ্টটো এমাহ ধৰি পুনৰ নিৰ্মাণ কিম্বা আন বিকল্প ব্যৱস্থা হাতত নোলোৱাত কৃষিজীৱী ৰাইজৰ যাতায়ত ভীষণ সমস্যাৰ সন্মুখীন হবলগীয়াত পৰিছে| উক্ত পথটোৰে পঞ্চায়তখনৰ ১ নং, ২ নং, ৩নং, জামুগুৰী, ২ নং উলুৱনী, লংকা, ম্লান, মঠাম, মধ্যপুৰ, উলুৱনী জয়পুৰ, বিষ্ণুপুৰ,উলুৱনী মাজগাঁৱ, ১ নং উলুৱনী, নলাপাৰা, বুঢ়ীসুঁতি কছাৰী, টাকাবাৰী আদি গাঁওসমুহলৈ যোৱা এখন পথৰ ওপৰত প্ৰায় ২৮ খন জৰাজীৰ্ন বাহৰ দলঙৰে অভিলেখ গঢ়িছে সম্ভৱ অসমৰ ভিতৰতে |বৃহত্তৰ অঞ্চলটোত আজিকোপতি কোনো এখন চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত বছৰ বছৰ ধৰি ধান বৰঙনিৰে ৰাইজে নিজেই নিৰ্মাণ কৰা জৰাজীৰ্ন বাহৰ দলঙৰে ৰাইজে যোগাযোগ অব্যাহত ৰাখিছে বহি:জগতলৈ| যোৱা ৯ জুলাইৰ দিনা দিখাৰী নদীৰ বাঢ়নী পানীয়ে পথটোৰ বদুলা ছেন্টাৰস্থিত পকী কালভাৰ্টটো সম্পূৰ্ণ বিধ্বস্ত কৰি পেলোৱাত পথটোৰ যাতায়ত ব্যৱস্থা বিছিন্ন হৈ পৰে | যাৰ ফলত অঞ্চলটোৰ বানপীড়িত ৰাইজে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী লাভ কৰা, ৰোগীৰ চিকিৎসা ক্ষেত্ৰত দুৰ্ভোগ ভূগিব লগীয়া হৈছে | বৃহত্তৰ অঞ্চলটোত কোনো ধৰণৰ চিকিৎসালয় নথকাত বিধ্বস্ত পথেৰে অতি কষ্টেৰে ৰোগীক নিবলগীয়া হৈ দূৰণিৰ চিকিৎসাললৈ| উল্লেখ্য যে ৰোগীৰ ক্ষেত্ৰতে নহয় অঞ্চলটোৰ শ শ ছাত্ৰ ছাত্ৰীৰ লগতে যাতায়তৰ ক্ষেত্ৰত ১৫ খন গাঁৱৰ ৰাইজে চৰণ হাৰাশাস্তি ভূগিব লগা হৈছে | আঞ্চটোৰ বহু বছৰ আগতে এনৰেগা জৰিয়তে নিৰ্মাণ কৰা পথটো প্ৰতি বছৰে দিখাৰী নদীৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰি অহাৰ পিছতো আজি পৰ্যন্ত সাংসদ প্ৰদান বৰুৱা কিম্বা বিধায়ক ভূৱন পেগুৱে পথটো মেৰামতি কৰাৰ লগতে পথৰ ওপৰত থকা ২৮ খন বাহৰ দলসমূহ আজি পৰ্যন্ত সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰাত সাংসদ আৰু বিধায়ক গৰাকীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে |

কৰবী দলে জোনাই

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.