ETV Bharat / state

Upcoming biennial conference of AASKSU : ৭ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন

author img

By

Published : Mar 11, 2023, 10:30 PM IST

৭ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় জিলাৰ তিনঠেঙীয়াৰ পূৱেৰুণ কৃষিপাম খেলপথাৰত আয়োজন কৰা হ’ব সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ২২ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন (22nd biennial conference of AASKSU to be held) ৷ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ আগন্তুক কেন্দ্ৰীয় অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোকে আহ্বান জনায় আয়োজকসকলে ৷

22nd biennial conference of AASKSU to be held in Dibrugarh
সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বৈঠক

জোনাই, ১১ মাৰ্চ : চলিত বৰ্ষৰ ৭ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ’ব সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ২২ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন (22nd biennial conference of AASKSU to be held)৷ এই অধিৱেশন উপলক্ষে শনিবাৰে জোনাইৰ কছাৰীবাৰী সোণোৱাল ভৱনত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই এখনি গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত কৰে । উক্ত সভাৰ সভাপতিত্ব কৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেঙে ৷

দেবানন্দ চেলেঙে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু সোণোৱালে । এই সভাত উপস্থিত থাকে সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সচিব প্ৰধান চন্দন সোণোৱাল ৷ সভাত ভাষণ প্ৰসংগত চন্দন সোণোৱালে কয়, ‘‘৭, ৮ আৰু ৯ এপ্ৰিল, ২০২৩ তাৰিখে ডিব্ৰুগড় জিলাৰ তিনঠেঙীয়াৰ পূৱেৰুণ কৃষিপাম খেলপথাৰত বৰ্ণিল আৰু বিস্তৃত কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত কৰা হ’ব সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ২২ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন ৷ এই অধিৱেশনখন সুচাৰুভাৱে সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোৰে সহায়-সহযোগিতাৰ প্ৰয়োজন’’ ৷

শনিবাৰে আয়োজিত এই সভাত উপস্থিত থাকে সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মিৰেখা সোণোৱাল, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কুলস্বামী লালোৱাৰী, সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সচিব সুমন্ত বড়া, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গকুল বড়া, সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱাল, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক নিপজ্যোতি সোণোৱাল ৷

লগতে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ কাৰ্যনিৰ্বাহক চন্দন সোণোৱাল, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি শান্তনু সোণোৱালো উপস্থিত থাকে ৷ এই সভাতে চন্দন সোণোৱালে সকলোকে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ আগন্তুক কেন্দ্ৰীয় অধিৱেশনখন এখন ঐতিহাসিক আৰু সফল অধিৱেশন হিচাপে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষ্ঠা আৰু সফলভাৱে কাম কৰি যাবলৈ আহ্বান জনায় (Upcoming biennial conference of AASKSU) ।

উল্লেখ্য যে, এই সভাৰ আম্ভণিতে ৯ মাৰ্চত মৃত্যুবৰণ কৰা সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিঞ্চু সোণোৱালৰ মাতৃ ৰঞ্জনা সোনোৱাল আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱাৰ মাতৃ পূৰ্ণিমা বৰুৱাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ।

লগতে পঢ়ক : CBI summons Tejashwi Yadav : তেজস্বীৰ বিৰুদ্ধে চিবিআইৰ চমন, নীতিশৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.