ধেমাজি,২ এপ্ৰিল: যোৱা 31 মাৰ্চৰ পৰা ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বাৰ্ষিক শিশু সমাৰোহৰ দেওবাৰে সামৰণি পৰিব (17th State Children Festival of Moina Parijat) ৷ ধেমাজি জিলা সমিতিৰ উদ্যোগত কাছাৰী ময়দানত আয়োজিত এই শিশু সমাৰোহখনিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ছয় হাজাৰ শিশু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ প্ৰথম দুদিনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাচত দেওবাৰে অন্তিম দিনাও পুৱাৰে পৰাই আৰম্ভ হয় আকৰ্ষণীয় অনুষ্ঠানৰ (Kasari Maidan in Dhemaji)।
সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহৰ শনিবাৰে দ্বিতীয় দিনা পতাকা উত্তোলনৰ পাচতে প্ৰতিকূল বতৰৰ বাবে কেইবাটাও কাৰ্যসূচী নিৰ্ধাৰিত সময়ত অনুষ্ঠিত নহ'ল (Children Festival at Dhemaji) ৷ বৰষুণৰ মাজতে সন্ধিয়া ৬ বজাত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক ড৹ জয়ন্ত মাধৱ বৰাই সদৌ অসম মইনা পাৰিজাতৰ স্মৰণিকা 'মৌগুঞ্জন' আৰু মুখপত্ৰ 'মইনা' আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় (Health Minister Keshav Mahanta) ৷ লগতে তিনিমহীয়া বাতৰি কাকত 'মইনা বাৰ্তা 'উন্মোচন কৰা হয় ৷
ইয়াৰ পাচতে নতুন শিক্ষানীতি প্ৰৱৰ্তন সম্পৰ্কত আৰু শিশুসকলৰ মানসিক তথা বৌদ্ধিক বিকাশৰ ওপৰত ভাষণ প্ৰদান কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education Minister Dr Ranoj Pegu) ৷ তেওঁ কয় যে বাঁহ কুমলীয়া হৈ থাকোতে বেঁকা কৰিব লাগিব, বুঢ়া হ’লে নোৱাৰি । সেইদৰে শিশু এটিৰ বয়স কম হৈ থাকোতেই সকলো শিকাব লাগিব ৷ তেতিয়াহে শিকিব পাৰে ৷ নতুন শিক্ষানীতিৰ জৰিয়তে ভাৰত চৰকাৰে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা নিপুণ অসম দিৱস আঁচনিৰ অধীনত শিশুসকলক বুনিয়াদী শিক্ষা সম্পূৰ্ণ কৰাৰ বিষয়ে গুৰুত্ব দিছে বুলি তেওঁ কয় ৷ এই আঁচনিৰ জৰিয়তে শিশু এটিক লিখা-পঢ়া আৰু সাংখ্যিক জ্ঞান আহৰণৰ ওপৰত অধিক গুৰুত্ব দিয়া বুলিও তেওঁ কয় ৷ সেয়ে এতিয়া এটি শিশুৱে ৪ বছৰৰ পৰিৱৰ্তে ৩ বছৰতে বিদ্যালয়লৈ পঠিয়াব লাগিব বুলিও মন্তব্য় কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পুনৰ কয় যে শিশুটিক পঢ়াৰ ক্ষেত্ৰত হেঁচাৰ প্ৰয়োগৰ বিপৰীতে নিজৰ প্ৰতিভা আৰু চিন্তাৰে আগবাঢ়ি যাব দিব লাগে ৷ শিশুটিৱে একো নজনাকৈয়ে ইঞ্জিনিয়াৰ হ'ব লাগিব বা ডাক্তৰ হ'ব লাগিব বুলি ঘৰলৈ কোনোবা অতিথি আহিলেই তাক কি হ'ব বুলি প্ৰশ্ন তেনে অবান্তৰ উত্তৰ দিবলৈ শিকাব নালাগে ৷
উল্লেখ্য যে ইয়াৰ পূৰ্বে মইনাসকলৰ মাজত মাধ্যম শিক্ষা অন্তৰায় হ'ব নোৱাৰা বিষয়ত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ইপিনে,নেৰানেপেৰা বৰষুণৰ বাবে কাছাৰী ময়দানৰ ঠায়ে ঠায়ে পানী জমা হোৱা বাবে নাজল-নাথল অৱস্থা হয় শিশু আৰু ৰাইজৰ মাজত ৷ প্ৰদৰ্শনী থলীতো পানীৰে উপচি পৰাত বহু প্ৰদশৰ্নী বিষয় বস্তু বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় ৷
লগতে পঢ়ক:Crime in Nalbari : ড্ৰাগছসহ মুকালমুৱা আৰক্ষীৰ জিম্মাত ড্ৰাগছ সৰবৰাহকাৰী