ETV Bharat / state

১৫ বছৰৰ অন্তত ১৫ আগষ্টৰ ৰায়দান ! - assam news

"2004 চনত 15 আগষ্টৰ স্বাধীনতা দিৱসত ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰৰ পতাকা উত্তোলনস্থলীত বোমা বিষ্ফোৰণ ঘটাইছিল সন্ত্ৰাসবাদীয়ে ৷ মুহূৰ্ততে নীৰিহৰ তেজেৰে ৰক্তাক্ত হৈ পৰিছিল স্বাধীনতা দিৱসৰ পেৰেড গ্ৰাউণ্ড"

১৫ বছৰৰ অন্তত ৰায়দানৰ দিশে 15 আগষ্টৰ ধেমাজি কাণ্ড
author img

By

Published : Jun 19, 2019, 12:53 PM IST

সুদীৰ্ঘ ১৫ বছৰৰ অন্তত ৰায়দানৰ দিশে দেশ কঁপাই যোৱা ধেমাজি কাণ্ডৰ । 2004 চনত 15 আগষ্টৰ স্বাধীনতা দিৱসত ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰৰ পতাকা উত্তোলনস্থলীত বোমা বিষ্ফোৰণ ঘটাইছিল সন্ত্ৰাসবাদীয়ে ৷ মুহূৰ্ততে নীৰিহৰ তেজেৰে ৰক্তাক্ত হৈ পৰিছিল স্বাধীনতা দিৱসৰ পেৰেড গ্ৰাউণ্ড ৷ দহটি কণ কণ শিশুসহ তিনি গৰাকী মহিলাসহ মুঠ তেৰগৰাকী লোক নিহত হোৱাৰ লগতে চিৰদিনলৈ ঘূণীয়া হৈছিল আন বহুকেইগৰাকী । দেশ কঁপাই আলোড়ন সৃষ্টি কৰা নৰ সংহাৰ সেই বৰ্বৰ ঘটনাই আজিও জোকাৰি যায় ধেমাজিবাসীক ৷

১৫ বছৰৰ অন্তত ৰায়দানৰ দিশে 15 আগষ্টৰ ধেমাজি কাণ্ড

সুদীৰ্ঘ ১৫ বছৰৰ অন্তত ৰায়দানৰ দিশে দেশ কঁপাই যোৱা ধেমাজি কাণ্ডৰ । 2004 চনত 15 আগষ্টৰ স্বাধীনতা দিৱসত ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰৰ পতাকা উত্তোলনস্থলীত বোমা বিষ্ফোৰণ ঘটাইছিল সন্ত্ৰাসবাদীয়ে ৷ মুহূৰ্ততে নীৰিহৰ তেজেৰে ৰক্তাক্ত হৈ পৰিছিল স্বাধীনতা দিৱসৰ পেৰেড গ্ৰাউণ্ড ৷ দহটি কণ কণ শিশুসহ তিনি গৰাকী মহিলাসহ মুঠ তেৰগৰাকী লোক নিহত হোৱাৰ লগতে চিৰদিনলৈ ঘূণীয়া হৈছিল আন বহুকেইগৰাকী । দেশ কঁপাই আলোড়ন সৃষ্টি কৰা নৰ সংহাৰ সেই বৰ্বৰ ঘটনাই আজিও জোকাৰি যায় ধেমাজিবাসীক ৷

১৫ বছৰৰ অন্তত ৰায়দানৰ দিশে 15 আগষ্টৰ ধেমাজি কাণ্ড
Intro: ৰায়দানৰ দিশে 2004 চনৰ স্বাধীনতা দিৱসত ধেমাজি বোমা বিস্ফোৰণৰ নাৰকীয় কাণ্ডৰ এক কলা অধ্যায়ৰ ।


Body:ধেমাজি , ১৯ জুন :   সুদীৰ্ঘ ১৫  বছৰৰ অন্ততঃ ৰায়দান হোৱাৰ দিশে  দেশ কঁপাই যোৱা ধেমাজি কাণ্ড ই । ২০০৪  চনত ১৫ আগষ্ট ৰ স্বাধীনতা দিৱসত  ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰৰ পতাকা উত্তোলন থলীত  সন্ত্ৰাসবাদীয়ে  ভয়াবহ বোমা বিষ্ফোৰণ ঘটাই  হত্যাকাণ্ড সংঘটিত কৰা  সেই  নাৰকীয়  ধেমাজি কাণ্ড ই । মুহূৰ্ততে নীৰিহৰ তেজেৰে ৰক্তাক্ত হৈ পৰিছিল  স্বাধীনতা দিৱসৰ পেৰেড গ্ৰাউণ্ড। দহটি  কন কন শিশুসহ তিনি গৰাকী মহিলাসহ মুঠ তেৰগৰাকী  লোক নিহত হোৱাৰ লগতে  বহুগৰাকী লোক চিৰদিনলৈ আহত হৈছিল । দেশ কঁপাই আলোড়ন সৃষ্টি কৰা নৰ সংহাৰ সেই বৰ্বৰ ঘটনাই আজিও জোকাৰি যায় ধেমাজিবাসীক ।
উল্লেখ্য যে  যতীন দুৱৰী ওৰফে ৰংমন , লীলা খান ,দীপাঞ্জলী গোহাঁই , মুহি  সন্দিকৈ , প্ৰশান্ত ভূঞা , মোহন চুতীয়া ,চন্দ্ৰ নাথ গগৈ , হেমেন গগৈ , গোবিন কলিতা , জয় চন্দ্ৰ চুতীয়া , অপস্পৰা বৰুৱা , জয়া চুতীয়া , জীতেন চুতীয়া , মীন বৰুৱা  আৰু ৰছিদ ভৰালী মুঠ ১৫  জনৰ বিৰুদ্ধে ঘটনাটোত অভিযুক্ত কৰি  দাখিল কৰিছিল অভিযোগনামা । ভাৰতীয় দণ্ড বিধি আইনৰ  120B/121/121A/122/302/326 ধাৰাত গোচৰ ৰুজু কৰি  তদন্ত আৰম্ভ কৰিছিল   মুঠ ৫৫  গৰাকী সাক্ষীৰ সাক্ষ্যদিনেৰে  এতিয়া  অন্ত পৰাৰ দিশে   নাৰকীয় ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ।

দেশ
কপোঁৱা  ২০০৪ চনৰ ১৫ আগষ্টৰ   ভয়াবহ বোমা বিষ্ফোৰণ  ধেমাজি কাণ্ডৰ ৰায়দান  ২০ জুনত অৰ্থাৎ কাইলৈ ।সুদীৰ্ঘ ১৫  বছৰ অতিক্ৰম কৰিবৰ সময়ত আদালতে  নিদ্ধাৰন কৰিছে  অতি গুৰুত্বপূৰ্ণ
কাইলৈ দিনটো ।

স্মৰ্তব্য যে  ২০০৪  চনৰ ১৫ আগষ্টত  ধেমাজি মহাবিদ্যালয়ৰ পেৰেড গাউণ্ডত সেইদিনা পুৱা  ৯-৪৫ বজাত হোৱা সৰ্বকালৰ  ভয়াৱহ   বিস্ফোৰণৰ ত ১৫  জনক দোষী সাৱ্যস্ত কৰি  ৫৫ জনক সাক্ষী হিচাবে লৈ আৰক্ষীয়ে দাখিল কৰিছিল চাৰ্জশ্বিট ।
এই ১৫ জনৰ  ভিতৰত      দুজনৰ ইতিমধ্যে  মৃত্যু হৈছে আৰু এজন পলাতক অৱস্থাত আছে । মন কৰিবলগীয়া যে  তদানীন্তন  প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ভৰত নৰহৰ নামো সাঙোৰ খাইছিল আৰু আদালতত  সাক্ষ্যদান কৰিছিল প্ৰাক্তন মন্ত্ৰীজনে ।

ইপিনে এই ৰায়দানক লৈ এজন ভুক্তভোগী পৰিয়ালৰ মন্তব্য byte....1..victim family

ধেমাজি দল - সংগঠন সচেতন নাগৰিক সকলোৱে বিচাৰিছে দোষী ৰ উপযুক্তৰ শাস্তিৰ ।

byte...3..+4

  সেয়ে কাইলৈ দিনটোলৈ অৰ্থাৎ ২০ জুনলৈ  অধীৰ আগ্ৰহেৰে  অপেক্ষা কৰিছে ভুক্তভোগী পৰিয়ালৰ লগতে সমগ্ৰ  ধেমাজিবাসীয়ে ।  সকলোৱে মনত উদয় হৈছে এটাই  প্ৰশ্ন  ।   ন্যায় পাবনে  ভুক্তভোগী পৰিয়ালে । নীৰিহৰ কেঁচা তেজেৰে ফাঁকু খেলা  প্ৰকৃত অপৰাধীয়ে উপযুক্ত শাস্তি পাবনে  ?

pradunya Bharali , Dhemaji , Assam , 19/6/2019


Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.