ETV Bharat / state

Bridge constructed by Locals in Jonai: নাওকাটাৰ ৰাইজে নিজে সাজি উলিয়ালে ১২ খনকৈ বাঁহৰ দলং

author img

By

Published : Nov 11, 2022, 2:14 PM IST

চৰকাৰে আহে আৰু যায় । কিন্তু সমাধান নহয় জনতাৰ সমস্যা । বছৰ বছৰ ধৰি ৰাইজৰ সমস্যাবোৰ সমস্যা হৈয়ে ৰৈ যায় ৷ চৰকাৰক বাৰম্বাৰ আহ্বান জনায় ব্যৰ্থ হৈ এইবাৰ ৰাইজে নিজে সাঁজি উলিয়াইছে ১২ খনকৈ বাঁহৰ দলং(New Bamboo bridge constructed by Locals in Jonai) ।

New Bamboo bridge constructed by Locals in Jonai
জোনাইৰ নাওকাটা অঞ্চলৰ ৰাইজ নিজে সাজি উলিয়ালে ১২ খনকৈ বাঁহৰ দলং

জোনাই ১১ নৱেম্বৰ: বছৰ বছৰ ধৰি দলঙৰ বাবে হাহাকাৰ জোনাইৰ এটা বৃহৎ অঞ্চলৰ ৰাইজৰ । ক্ষুদ্ধ ৰাইজে চৰকাৰলৈ বাট নাচাই নিজে সাজি উলিয়াইছে ১২ খনকৈ বাঁহৰ দলং(New Bamboo bridge constructed by Locals in Jonai) । এই ঘটনা জোনাইৰ বৃহত্তৰ নাওকাটা অঞ্চলৰ ৷ উপযুক্ত বাট-পথৰ লগতে দলঙৰ বাবে হাহাকাৰ কৰি আছে এই অঞ্চলটোৰ ৰাইজে ৷

জোনাইৰ ৰামধন দিখাৰী আৰু চমকং গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ নাওকাটা অঞ্চলৰ কেবাখনো গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে উন্নত যাতায়তৰ অভাৱত । দশক দশক ধৰি এই বৃহৎ অঞ্চলটোৰ ৰাইজ বঞ্চিত হৈ আহিছে পকী দলঙৰ পৰা ৷ যাৰ ফলত বৃহস্পতিবাৰে অঞ্চলটোৰ ৰাইজ ওলাই আহিল দলং নিৰ্মাণ কৰিবলৈ ৷

এখন দুখন নহয় প্ৰায় ১২খনকৈ বাঁহৰ দলং নিৰ্মাণ কৰিবলৈ ওলাই আহিল নাওকটা অঞ্চলৰ ৰাইজ ৷ নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজ সাজি উলিয়ালে দলং ৷ যদিও এই অঞ্চলৰ ভুক্তভোগী ৰাইজে এখন পকী পথ আৰু পকী দলঙৰভাৱে চৰকাৰ তথা স্থানীয় জন-প্ৰতিনিধিক বহুবাৰ আবেদন নিবেদন কৰিছে কিন্তু এতিয়ালৈকে পোৱা নাই কোনো সুফল ।

যাৰ বাবে ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে যাতায়তৰ বাবে নিৰ্মাণ কৰি উলিয়াইছে প্ৰায় ১২খনকৈ বাঁহৰ দলং । তেওঁলোকে পুনৰবাৰে বৃহত্তৰ অঞ্চলটোৰ জনতাৰ স্বাৰ্থত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা স্থানীয় জন প্ৰতিনিধিক এটা পকী পথ তথা পকী দলং নিৰ্মাণ কৰি দিয়াৰ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক : গাঁঠিৰ ধন খৰচ কৰি পঞ্চায়ত সভাপতিৰ বাঁহৰ দলং নিৰ্মাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.