ETV Bharat / state

দশম স্থান লাভ কৰি ধেমাজিত উজলিল অংকিতা - উচ্চতৰ মাধ্যমিক কলা শাখা

উচ্চতৰ মাধ্যমিক কলা শাখাত অসমৰ ভিতৰতে দশম স্থান লাভ কৰি অংকিতাই গৌৰৱ কঢ়িয়ালে ধেমাজিৰ চিচিবৰ গাঁওবাসীলৈ ৷ ইতিমধ্যে কন্যাৰ সফলতাত আনন্দিত হৈ পৰিছে পিতৃ মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসী ।

10th Position By Angkita Bhuan In HS Final Examination
দশম স্থান লাভ কৰি ধেমাজিত উজলিল অংকিতা
author img

By

Published : Jun 25, 2020, 5:31 PM IST

ধেমাজি , ২৫ জুনঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক কলা শাখাত অসমৰ ভিতৰত দশম স্থান লাভ কৰিবলৈ সক্ষম হয় ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ অংকিতা ভূঞাই ৷ অংকিতাই সৰ্বমুঠ ৪৬৬ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷

বহস্পতিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক কলা শাখাৰ ফলাফলত পাঁচটা বিষয়ত লেটাৰ নম্বৰ সহ মুঠ ৪৬৬ নম্বৰেৰে অসমৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হয় ধেমাজিৰ চিচি বৰগাঁৱৰ অংকিতা ভূঞাই ৷ অংকিতাই ধেমাজিৰ কিৰণ একাডেমিৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ইপিনে অংকিতাৰ সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে ধেমাজিৰ কিৰণ একাডেমীৰ শিক্ষকসকল ৷

দশম স্থান লাভ কৰি ধেমাজিত উজলিল অংকিতা

উল্লেখ্য যে, এটা দৰিদ্ৰ পৰিয়ালৰ পৰা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা অংকিতাৰ পিতৃ লক্ষীনাথ ভূঞা এখন অপ্ৰাদেশীকৃত এম ই স্কুলৰ প্ৰধান শিক্ষক । ২০০৪ চনৰেপৰা উক্ত বিদ্যালয় খনত শিক্ষকতা কৰি অহা অংকিতাৰ পিতৃৰ নাই কোনো স্থায়ী উপাৰ্জন । অংকিতাৰ মাতৃ নিৰু ভূঞা এগৰাকী গৃহিনী । আৰ্থিকভাৱে অতি দুৰ্বল অংকিতাৰ পিতৃ মাতৃয়ে পঢ়াৰ ক্ষেত্ৰত অংকিতাক দিব পৰা নাছিল পৰ্যাপ্ত সা-সুবিধা । কিন্তু আৰ্থিক দৈন্যতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে সেয়া বাস্তৱত পৰিণত কৰি দেখুৱালে অংকিতাই ৷ কন্যাৰ এই সফলতাত আনন্দিত হৈ পৰিছে পিতৃ মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসী । ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন মনত পুহি ৰাখিছে অংকিতাই ভূঞাই ।

লগতে পঢ়ক- কলা শাখাৰ দশম স্থানত উজ্বলিল যোৰহাটৰ শুভাকাংক্ষী আত্ৰেয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.