দৰং, 4 অক্টোবৰ : দেওবাৰে পুৱাৰ ভাগত দৰং জিলাৰ ৰঙামাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত খদৌমাৰীত এক ভূমি বিবাদ(Land Dispute)ক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘটিত হৈছে মাৰপিট ৷ প্ৰথমে তৰ্কাতৰ্কি আৰু তাৰ পাচত দাৰে আক্ৰমণ ৷ জানিব পৰা মতে, দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এটা ফৈদৰ এজন লোক ৷
এতিয়া আহো ঘটনাৰ মাজলৈ ৷ প্ৰাপ্ত তথ্য অনুসৰি, ৰঙামাটিৰ নিজাম আলী আৰু পুত্ৰ ইজাজ আহমেদে খদৌমাৰিত থকা নিজ ভূমিত মৰাপাটৰ খেতি চপাই থকা অৱস্থাতে একে গাঁৱৰে আব্দুল আলী, চাহাবুদ্দিন আলী, চাহাদুৰ আলী, বক্তিয়াৰ আলী আৰু ওৱাহিদুৰ আলী নামৰ লোক কেইজনে বাধাৰ সৃষ্টি কৰে ৷
দা লৈ খেদি গৈ খেতি চপাবৰ বাবে বাধা প্ৰদান কৰাৰ লগতে নিজাম আলীৰ মূৰত দাৰে গুৰুতৰভাৱে আঘাত কৰে । আঘাত কৰাৰ পাচতে হুৱাদুৱাৰ সৃষ্টি হয় ৷ আঘাতপ্ৰাপ্ত লোকজনক ততালিকে মঙলদৈ অসামৰিক চিকিৎসালয়(Mangaldoi Civil Hospital)ত ভৰ্তি কৰোৱা হয় ৷
ইতিমধ্যে নিজাম আলীৰ পৰিয়ালৰ লোকে মঙলদৈ সদৰ থানাত আক্ৰমণকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । ইয়াৰ পূৰ্বেও একে কেইজন ব্যক্তিয়ে নিজাম আলীৰ ওপৰত শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাইছিল । অৱশ্যে কিহৰ বাবে এই লোক কেইজনে নিজাম আলীক খেতি চপোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে, সেয়া বৰ্তমানেও অজ্ঞাত ৷
লগতে পঢ়ক : ভৱানীপুৰত বিজেপিয়ে জয় লাভ কৰিব : ৰণজিৎ কুমাৰ দাস