দলগাঁও, ৭অক্টোবৰ: দলগাঁৱৰ শিয়ালমাৰী ব্লকৰ পশু চিকিৎসক মিন্নাত হুছেইনৰ চিকিৎসাত ক্ৰমাত সুস্থ হৈ উঠিছে এটা ষাড় গৰু। কিছুদিন পূৰ্বে আঘাতপ্ৰাপ্ত অৱস্থাত ষাড় গৰুটোক শিয়ালমাৰী ব্লক পশু চিকিৎসালয়লৈ লৈ অনা হৈছিল। গাড়ীয়ে খুন্দিয়াই থৈ যোৱাত ষাড় গৰুটোৰ পিছফালৰ বাঁও ঠেংখন ভাগি যায়। খাৰুপেটীয়া নগৰৰ ৰাজপথৰ দাঁতিত যন্ত্ৰণাত চটফটাই থকা দেখি কোনো লোকে পশু চিকিৎসক মিন্নাত হুছেইনক খবৰ দিয়ে।
![খাৰুপেটীয়াৰ এগৰাকী পশু চিকিৎসকৰ মহানুভৱতা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dalgaon-7october-veterinary-doctor-801-809-abdul-hakim-10064_07102020135701_0710f_1602059221_12.png)
খবৰ পোৱাৰ পিছতে পশু চিকিৎসক মিন্নাত হুছেইন আৰু স্বাস্থ্যকৰ্মী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত শিয়ালমাৰী ব্লক পশু চিকিৎসালয়লৈ ষাড় গৰুটোক আনে। কেইবাদিনো ধৰি আগবঢ়োৱা চিকিৎসাৰ অন্তত ক্ৰমাত সুস্থ হৈ উঠিছে প্ৰকাণ্ড ষাড় গৰুটো। পৰৱৰ্তী সময়তো প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়াব বুলি জনাইছে জেষ্ঠ পশু চিকিৎসক মিন্নাত হুছেইনে। চিকিৎসকগৰাকীৰ কাৰ্যক প্ৰশংসা কৰিছে খাৰুপেটীয়াৰ ৰাইজে।
![খাৰুপেটীয়াৰ এগৰাকী পশু চিকিৎসকৰ মহানুভৱতা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dalgaon-7october-veterinary-doctor-801-809-abdul-hakim-10064_07102020135701_0710f_1602059221_88.png)
লগতে চাওকঃ SI কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড মুখ্যমন্ত্ৰী সোণোৱাল: হুছেইন মোহম্মদ শ্বাহজাহান