ETV Bharat / state

ইউৰিয়া সাৰৰ বাবে হাহাকাৰ : শালিধানৰ পথাৰত কৃষকৰ প্ৰতিবাদ

চৰকাৰে কৃষকৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ সমান্তৰালকৈ নিৰ্ধাৰিত মূল্যত ইউৰিয়া সাৰ বিক্ৰীৰ নিৰ্দেশ জাৰি কৰাৰ পাছতো একাংশ সাৰ বিক্ৰেতাই চৰকাৰৰ নিৰ্দেশনাক বদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি নিৰ্ধাৰিত মূল্যতকৈ(MRP) অধিক মূল্যত ইউৰীয়া সাৰ বিক্ৰী কৰাৰ অভিযোগ তুলিছে কৃষকসকলে । ক’ৰণা মহামাৰীৰ লগতে পৰিবহণ-শ্ৰমিকৰ খৰচকে আদি কৰি অনন্য অজুহাত দেখুৱাই দৰিদ্ৰ কৃষকক মাধমাৰ শোধাইছে এইসকল ব্যৱসায়ীয়ে ৷

uria-cricis-at-kharupetia
ইউৰিয়া সাৰৰ বাবে হাহাকাৰ : শালিধানৰ পথাৰত কৃষকৰ প্ৰতিবাদ
author img

By

Published : Aug 25, 2021, 4:41 PM IST

দলগাঁও, 25 আগষ্ট : কৃষি প্ৰধান অঞ্চল দৰঙৰ দলগাঁও সমষ্টিৰ কৃষকক মাধমাৰ শোধাইছে দলগাঁও সমষ্টিৰ একাংশ অসাধু সাৰ‌-বীজৰ ব্যৱসায়ীয়ে । সততে লোকচানৰ সন্মুখীন হোৱা এইসকল কৃষকক কেতিয়াবা যদি বীজৰ নামত পতান দি ৰাম ঠগন দিছে কেতিয়াবা আকৌ নিৰ্ধাৰিত মূল্যতকৈ অধিক মূল্যত সাৰ যোগান ধৰি মাধমাৰ শোধাইছে । ক’ৰণাই সৰ্বস্বান্ত কৰা কৃষকক‌ এইবাৰ ইউৰীয়া সাৰৰ নামত‌ মাধমাৰ শোধাইছে খাৰুপেটীয়া অঞ্চলৰ একাংশ সাৰ বীজৰ ব্যবসায়ীয়ে ।

uria-cricis-at-kharupetia
ইউৰিয়া সাৰৰ বাবে হাহাকাৰ : শালিধানৰ পথাৰত কৃষকৰ প্ৰতিবাদ

খাৰুপেটীয়াত এতিয়া অধিক দামত ৰাজসাহায্য যুক্ত ইউৰিয়া সাৰ ক্ৰয় কৰিবলগীয়া হৈছে কৃষকে । চৰকাৰে প্ৰতি বেগ ইউৰিয়া সাৰৰ মূল্য (MRP) নিৰ্ধাৰণ কৰিছে 266.50 টকা । ইয়াৰ বিপৰীতে বৃহত্তৰ খাৰুপেটীয়া অঞ্চলৰ একাংশ অসাধু বিক্ৰেতাই শালিধানৰ বতৰৰ সুযোগ গ্ৰহণ কৰি অধিক মুনাফাৰ লোভত পৰিবহণ-শ্ৰমিক খৰছ আৰু ইউৰীয়াৰ লগত জিংক, আই পি এল দানা আদি বাধ্যতামূলক কৰি সহজ সৰল ‌কৃষকক অধিক দামত বিক্ৰী কৰিছে ইউৰিয়া সাৰ ৷

কৃষকে অভিযোগ কৰা অনুসৰি, এইসকল ব্যৱসায়ীয়ে ২৬৬.৫০ টকীয়া ইউৰিয়া সাৰ, জিংক, আই পি এল দানাসহ পাঁচশৰ পৰা ছশ টকালৈ বিক্ৰী কৰিছে । যাৰ বাবে ইউৰিয়া ক্ৰয় কৰাটো বৰ্তমান অসম্ভৱ হৈ পৰিছে কৃষকৰ বাবে । উপায়ন্তৰ হৈ বিকল্প সাৰ প্ৰয়োগ কৰিবলৈ বাধ্য হৈছে বৃহত্তৰ খাৰুপেটীয়া অঞ্চলৰ কৃষকসকল । ইফালে ইউৰিয়া সাৰ বিচাৰি দোকানে দোকানে হাবাথুৰি খোৱা খাৰুপেটীয়াৰ আৰিমাৰী গাঁৱৰ কৃষকে খেতি পথাৰতে আমাক ইউৰিয়া দিয়ক, আমাক সঠিক মূল্যত ইউৰিয়া লাগে আদি বিভিন্ন শ্ল’গান দি শালিধানৰ খেতি পথাৰত প্ৰতিবাদ সাব্যস্ত কৰে । কিন্তু ইয়াৰ পিছতো নিমাত জিলা প্ৰশাসন তথা কৃষি বিভাগ ।

লগতে পঢ়ক : নন্দিতা শইকীয়াক ন্যায় প্ৰদানৰ দাবীৰে ধেমাজিত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.