ETV Bharat / state

লক্ ডাউনৰ মাজত 'ইউনিটি-উই দ্য ব্লাড ড'নাৰচ'ৰ ৰক্তদান !

author img

By

Published : May 7, 2020, 2:48 PM IST

লক্ ডাউনৰ মাজতেই মঙলদৈত 'ইউনিটি-উই দ্য ব্লাড ড'নাৰচ' নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ একাংশ সদস্যৰ মানৱতাৰ জয়গান । সংগঠনটোৰ ৫২ জন সদস্যই কৰিছে ৰক্তদান ।

Unity 52 Members Blood Donate at Darrang

দৰং, ৭ মে' : 'ইউনিটি-উই দ্য ব্লাড ড'নাৰচ' স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰশংসনীয় পদক্ষেপ । সংগঠনটোৰ ৫২ জন সদস্যই কৰিলে ৰক্তদান । বিশ্ব চৌদিশে কৰ'ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ মাজতো ইউনিটি-উই দ্য ব্লাড ড'নাৰচ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে দাঙি ধৰিছে মানৱতাৰ পৰিচয় ।

সোমবাৰ লৈকে ৫২ জন সদস্যই মঙলদৈ অসামৰিক চিকিৎসালয়, গোলাঘাট অসামৰিক চিকিৎসালয় আৰু গুৱাহাটীৰ বিভিন্ন হাস্পতাললৈ গৈ মৃত্যুমুখী ৰোগীক ৰক্তদান কৰি জীয়াই থকাৰ প্ৰেৰণা যোগায় । আনহাতে ৩৫ সংখ্যক জন্মদিনত জীৱনত প্ৰথমবাৰলৈ ৰক্তদান কৰে মঙলদৈ উপহুপাৰা নিৱাসী তৃষ্ণা হাজৰিকাই । মঙলদৈ অসামৰিক চিকিৎসালয়লৈ আহি ৰক্তদান দি তৃষ্ণা হাজৰিকাই কয়, জীৱনত বহু ধৰণে জন্মদিন পালন কৰিছো যদিও ৰক্তদান কৰি জন্মদিন পালন কৰাৰ দৰে সুখানুভূতি কাহানিও পোৱা নাছিলো ।

ইউনিটি- উই দ্য ব্লাড ড'নাৰচ গ্ৰুপৰ এনে প্ৰশংসনীয় কাৰ্যৰ বাবে গ্ৰুপটোৰ সম্পাদক সুব্ৰত শীলক তেওঁৰ ৩৫ সংখ্যক জন্মদিনত দৰং জিলা ক্ৰীড়া সাংবাদিক সংস্থাৰ সম্পাদক তথা অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক গণেশ দত্তই ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।
ইউনিটি-উই দ্যা ব্লাড ড'নাৰচ গ্ৰুপটোৰ সম্পাদক সুব্ৰত শীল

উল্লেখ্য যে, এই গ্ৰুপটোৱে ৰক্তদান কৰাৰ উপৰিও শুভাকাংক্ষীৰ সহযোগত লক্ ডাউনৰ সময়ছোৱাত দৰিদ্ৰ লোকৰ লগতে মৎস, পশু পক্ষীলৈ খাদ্য সামগ্ৰী যোগান ধৰি সচেতন ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । এই কাৰ্যক ইউনিটি- উই দ্যা ব্লাড ড'নাৰচ গ্ৰুপৰ উপদেষ্টা শেখৰ মজুমদাৰে কয় "ভাল কাম বোৰ এনেদৰেই আগবাঢ়ে" ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.