ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - Cargo Plane Crash in Greece

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Jul 17, 2022, 5:10 PM IST

Presidential election: ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সাজু বিধানসভাৰ কক্ষ

বিজেপিয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প'লিং এজেণ্ট হিচাপে নিয়োগ কৰিছে মন্ত্রী পীযুষ হাজৰিকা, বিধায়ক ভূৱন পেগু আৰু সুশান্ত বৰগোহাঁইক । মিত্রদল অগপ আৰু ইউ পি পি এপৰ নাথাকে কোনো প'লিং এজেণ্ট । ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমৰ মুঠ ভোটাৰৰ সংখ্যা ১৪৭ গৰাকী (Presidential election)।

Brinda Karat on presidential election: আমাৰ যুঁজ ব্যক্তিৰ বিৰুদ্ধে নহয় বৰঞ্চ এটা দলৰ বিৰুদ্ধেহে

চিপিআইএম পলিটব্যুৰ' বৃন্দা কাৰাটে ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদী মুৰ্মুৰ মনোনয়নৰ বিৰোধিতা কৰাৰ কথা স্পষ্টভাৱে অস্বীকাৰ কৰিছে(CPIM politburo Brinda Karat)। এই সন্দৰ্ভত তেওঁ কয়,'আমাৰ যুঁজ দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে নহয়,ৰাষ্ট্ৰপতি নিৰ্বাচনক নিজৰ সুবিধাৰ বাবে ৰাজনীতিকৰণ কৰা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যসূচীৰ বিৰুদ্ধে ( Brinda Karat Comment on presidential election)।'

Load shedding in Assam: শক্তিমন্ত্ৰীয়ে ক’লে, ১০-১৫ দিনৰ ভিতৰত দূৰ হ’ব লোড শ্বেডিঙৰ সমস্যা

১০-১৫ দিনৰ ভিতৰত বিদ্যুতৰ সঘন লুকাভাকুৰ সমস্যা দূৰ হ'ব বুলি আশ্বাস প্ৰদান কৰিছে শক্তিমন্ত্রী নন্দিতা গাৰ্লোচাই (Power minister of Assam) । শক্তি বিভাগৰ নতুনকৈ দায়িত্ব লাভ কৰাৰ পাছতে বিদ্যুৎ খণ্ডৰ বিভিন্ন সমস্যাৰ সন্মূখীন হোৱা মন্ত্ৰীগৰাকীৰ এই প্ৰতিশ্ৰুতিয়ে কি ৰূপ লয় সেয়া সময়ত লক্ষ্যণীয় হ’ব ৷

Cargo Plane Crash in Greece: আকাশমাৰ্গতে অগ্নিকুণ্ডত পৰিণত হ’ল মালবাহী বিমান

শনিবাৰে নিশা গ্ৰীচৰ কাভালা চহৰত দুৰ্ঘটনাগ্ৰস্ত হয় এখন কাৰ্গো বিমান (Cargo Plane Crash in Greece) ৷ বিমানখনত আঠজন লোক থকা বুলি জানিবপৰা গৈছে ৷ ইউক্ৰেইনৰ এটা কোম্পানীৰ মালিকানাধীন এণ্টন’ভ এন-১২ নামৰ বিমানখনে ছাৰ্বিয়াৰ পৰা জৰ্ডানলৈ উৰা মাৰিছিল ।

Poet Kumar Biswas : আমি লজ্জিত শ্বহীদ ভগত সিং

এতিয়া শ্বহীদৰ ত্য়াগক লৈও চলিছে বোকা ছটিওৱাৰ ৰাজনীতি। এইবাৰ শ্বহীদ ভগত সিঙক লৈ পঞ্জাৱৰ এজন সাংসদে কৰা আপত্তিজনক মন্তব্য়ৰ পাছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শেহতীয়াকৈ কৰ্ণালত শিৰোমণি অকালি দলৰ (অমৃতসৰ) সভাপতি তথা পঞ্জাৱৰ চাংৰুৰৰ সাংসদ চিমৰণজিৎ মানে শ্বহীদ ভগত সিঙক সন্ত্ৰাসবাদী বুলি আখ্য়া দিয়াৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কবি কুমাৰ বিশ্বাসে(Punjab MP Simranjit Mann)।

Shyamoli Campus program of Assam Govt :শ্যামলী চৌহদ কাৰ্যসূচীৰ শুভাৰম্ভ

দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই CMIPPৰ অধীনত 'শ্যামলী চৌহদ' নামেৰে বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (Assam CM launched Shyamoli Campus)। অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনত ১৭ জুলাইৰ পৰা ১৫ আগষ্টলৈ চলিব এই কাৰ্যসূচী । ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কাৰ্যালয়, পৰিষদ, নগৰীয়া স্থানীয় নিকায়-নিগম, স্বায়ত্ত্ব শাসিত পৰিষদ, পঞ্জীভুক্ত সংস্থা আৰু শিক্ষানুষ্ঠানৰ ৮০,০০০ তকৈও অধিক প্ৰাতিষ্ঠানিক চৌহদক সামৰি লোৱা হ'ব ।

অগ্নিপথ আঁচনিৰ নিযুক্তিৰ বাবে সাজু অসমৰ যুৱ প্ৰজন্ম

ভাৰতীয় সেনাৰ নতুন সশস্ত্ৰ বাহিনী বহুচৰ্চিত 'অগ্নিপথ'ত যোগদানৰ বাবে সাজু হৈছে বহু সংখ্যক নিবনুৱা যুৱক-যুৱতী(Training camp for AGNIPATH Scheme at Tingkhong) । সমান্তৰালকৈ টিংখাঙৰ যুৱক-যুৱতীসকলেও অব্যাহত ৰাখিছে কঠোৰ শাৰীৰিক অনুশীলন ৷ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ ডিব্ৰুগড় জিলাৰ উদ্যোগত টিংখাঙৰ ২ নং চৰাইহাবি খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই বিশেষ প্ৰশিক্ষণ ।

Presidential Election: কাক ভোট দিব এ আই ইউ ডি এফে ?

নিৰ্বাচনলৈ মাথোঁ এদিন থাকোতেই এ আই ইউ ডি এফে ঘোষণা কৰিলে কোনগৰাকী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক সমৰ্থন কৰিব দলটোৱে (AIUDF has announced whom they will support) ৷ কাক ভোট দিব এ আই ইউ ডি এফে ?

Anti drugs mission: ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈছে দেবলাল গাৰ্লোচাৰ

ৰাজ্যজুৰি বৰ্তমানেও অব্যাহত ড্ৰাগছ বিৰোধী অভিযান(Operation against drugs) । কিন্তু আৰক্ষীৰ অবিৰত ড্ৰাগছ বিৰোধী অভিযানৰ মাজতো একাংশই নিৰ্বিঘ্নে চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা(Drugs paddler arrested in different parts of Assam) । পাহাৰীয়া জিলা ডিমা হাছাওতো বৃদ্ধি পাইছে ড্ৰাগছৰ প্ৰচলন ।

Brahmastra song Kesariya: অপেক্ষাৰ অন্ত পৰিল ! মুক্তি পালে Kesariya

সকলোৰে হৃদয়ত স্থান দখল কৰা আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ অভিনীত ব্ৰহ্মাস্ত্ৰৰ প্ৰথমটো গীত Kesariyaৰ মুক্তি লাভ(Brahmastra song Kesariya) । মাৰ্চ মাহত বাৰাণসীত শ্বুটিং সম্পন্ন হোৱা সদ্য মুক্তিপ্ৰাপ্ত গীতটোত আলিয়া আৰু ৰণবীৰক মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.