ETV Bharat / state

Theft at Mangaldoi: চোৰৰ মাহ মাহজোৰা পৰিশ্ৰম, উদ্ধাৰ প্ৰায় 100 বিধ চুৰি সামগ্ৰী

author img

By

Published : Jun 20, 2023, 6:11 PM IST

মঙলদৈত চোৰৰ ধূৰ্তামি, নিশা হ’লেই চাইকেল লৈ অলিয়ে গলিয়ে চোৰৰ চাফাই অভিযান ৷

Thief arrested along with 100 goods at Mangaldoi
উদ্ধাৰ প্ৰায় 100 বিধ চুৰি সামগ্ৰী
উদ্ধাৰ প্ৰায় 100 বিধ চুৰি সামগ্ৰী

মঙলদৈ, 20 জুন : ৰাজ্যখনক অপৰাধমুক্ত কৰিবলৈ আৰক্ষীক প্ৰতিমূহুৰ্ততে কঠোৰ নিৰ্দেশনা দি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু তাৰ পিচতো গা ল’ৰা নাই একাংশ অপৰাধীৰ ৷ ৰাজ্যত প্ৰতিদিনেই চোৰ, ডকাইতি, হত্যা, ধৰ্ষণৰ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷

ইয়াৰ মাজতে দৰং জিলাৰ মঙলদৈত চোৰৰ উপদ্ৰৱে ৰাইজৰ টোপনি হৰিছে ৷ এই ৱাটাৰ পাম্পসমূহ দেখি আপুনি ভুল নকৰিব যে এয়া কোনো ব্যৱসায়িক প্ৰতিষ্ঠানত সজাই থোৱা ৱাটাৰ পাম্প ৷ প্ৰকৃততে এয়া তিনিটা চোৰে নিশা চাইকেল চলাই চুৰি কৰা ৱাটাৰ পাম্প আৰু অন্যান্য চুৰি কৰা সামগ্ৰী ৷

মঙলবাৰে মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিৰ নেতৃত্বত চলা অভিযানত আৰক্ষীয়ে 78 টা ৱাটাৰ পাম্প, ইনভাৰ্টাৰ বেটাৰী 4 টা, ছিলিণ্ডাৰ 5 টা, ডেস্ক টপ মনিটৰ 2 টা, মাইক্ৰ’ফোন 1 টা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, বিগত কেইমাহমান ধৰি দৰঙৰ বিভিন্ন বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ আৰু বিভিন্ন লোকৰ ঘৰত সংঘটিত হৈছিল চুৰিৰ ঘটনা । প্ৰায় লোকৰ ঘৰৰ পৰা চোৰে চুৰি কৰিছিল ৱাটাৰ পাম্প। ইয়াৰ লগতে চোৰে চুৰি কৰিছিল বিদ্যালয়সমূহৰ পৰা কম্পিউটাৰ, ইনভাৰ্টাৰ আদি সামগ্ৰী।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে, মূল অভিযুক্ত চোৰ ঘনশ্যাম ডেকা ওৰফে তেজপুৰীয়াই নিশা এখন চাইকেল লৈ সাধাৰণ মানুহৰ দৰে ওলাই যায় চহৰ- গাওঁ ভ্ৰমণ কৰিবলৈ। ভ্ৰমণৰ সময়তে তেওঁ সুবিধা বুজি সংঘটিত কৰে চুৰি কাৰ্য। এই চুৰি সামগ্ৰীসমূহ তেওঁৰ আন দুজন সহযোগী পংকজ ডেকা আৰু কল্যাণ ডেকাৰ সহযোগত বিক্ৰী কৰি দিয়ে ৷

সম্প্ৰতি আৰক্ষীয়ে চোৰ ঘনশ্যাম ডেকাক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি এই চোৰৰ চাফাই অভিযানত এই জব্দকৃত সামগ্ৰীসমূহৰ বাহিৰেও আৰু অধিক চুৰি সামগ্ৰী উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। বিগত 16 জুনৰ পৰা চুৰি সামগ্ৰীসমূহৰ সন্ধানত চলিছিল এই অভিযান ৷

লগতে পঢ়ক: Mission Flood free Guwahati: 10 দিনৰ ভিতৰত উচ্ছেদ চলিব লক্ষ্মীযানত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.