দলগাঁও, 17 অক্টোবৰ: দলগাঁৱৰ বেছিমাৰীত ভয়ংকৰ অগ্নিকাণ্ডত পলকতে জাহ গ'ল কেইবা লাখ টকাৰ সা-সম্পত্তি ৷ বেছিমাৰী বজাৰৰ সমাপত থকা ফাইজুল হকৰ ঘৰত এই ঘটনা সংঘটিত ৷
![চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইয়ে আগুৰি ধৰে বহুকেইটা ঘৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dalgaon-17october-bechimari-fire-805-809-abdul-hakim-10064_17102020181115_1710f_1602938475_946.png)
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ অগ্নিকাণ্ডৰ ফলত ঘৰটোত থকা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুইয়ে বহুকেইটা ঘৰ আগুৰি ধৰে ৷
![অগ্নিকাণ্ডত জাহ গ'ল কেইবা লাখ টকাৰ সা-সম্পত্তিৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dalgaon-17october-bechimari-fire-805-809-abdul-hakim-10064_17102020181115_1710f_1602938475_374.png)
জানিব পৰা মতে ঘৰকেইটা জুইয়ে আগুৰি ধৰাৰ ফলত আচবাব আৰু বাচন বৰ্তনৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ আৰু এখন অটো ভান জাহ যায় । স্থানীয় ৰাইজ অগ্নি নিৰ্বাপনৰ বাবে আগুৱাই আহে যদিও অগ্নি নিৰ্বাপক বাহিনীৰ লোক পলমকৈ উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
লগতে পঢ়ক: ১৫ দিনীয়া কাৰ্যসূচীৰে কামাখ্যাত আৰম্ভ শাৰদীয় দুৰ্গা পূজা