মঙলদৈ, ১২জুলাই : কলাইগাঁৱৰ শিক্ষয়িত্ৰী গৰাকীৰ হত্যাৰ অনুসন্ধানৰ অন্তত এইবাৰ আৰক্ষীৰ জালত পৰিল পৰিয়ালৰে দুজন সদস্য । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মৃত মহিলাগৰাকীৰ শিক্ষক স্বামী উপেন্দ্ৰ বৰুৱা, জ্যেষ্ঠ পুত্ৰ হীৰকজ্যোতি বৰুৱাক । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ ঘৰত কাম কৰা মহিলা যশোদা ৰাভা আৰু মিস্ত্ৰী নিয়াজিৰ হুছেইনকো । আৰক্ষী সূত্ৰই জনোৱা মতে শনিবাৰেই সোধ পোচৰ বাবে আনি আটক কৰিছিল আটাইকে ।
প্ৰথমে ঘটনা সন্দৰ্ভত আটক কৰা হৈছিল তেওঁলোকৰ ঘৰত কাম কৰা মহিলাগৰাকীক । এই মহিলা গৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে মৃত নয়নতৰা চহৰীয়াৰ স্বামী, জ্যেষ্ঠ পুত্ৰ আৰু এজন মিস্ত্ৰী নিয়াজিৰ হুছেইনক । ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটনৰ বাবে উপস্থিত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই সুকীয়া সুকীয়াকৈ জেৰা কৰিছিল আটকাধীন আটাইকেইজন লোকক ।
ইতিমধ্যে চাৰি অভিযুক্তক ওদালগুৰিৰ আদালতত হাজিৰ কৰাই ৭ দিনৰ বাবে নিজৰ জিম্মাত লৈছে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই যদিও সোমবাৰে দিনৰ ১২ বজাত আৰক্ষীয়ে এক সংবাদ মেল যোগে কলাইগাঁৱৰ সেই নৃসংশ হত্যাকাণ্ডৰ ঘটনাৰ সন্দৰ্ভত অৱগত কৰিব সবিশেষ ।
লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ খুনচাত ৬ নং অসম ৰাইফলচৰ সংবাদমেল