ETV Bharat / state

Russia Ukraine War: সুকলমে আছে ইউক্ৰেইনত আৱদ্ধ অলিভিয়া-হীৰক

author img

By

Published : Feb 26, 2022, 8:57 PM IST

ইউক্ৰেইনত চলি থকা বিভীষিকা (Russia Ukraine conflict) ৰ ফলত বহুলোকে প্ৰাণ হেৰুওৱাৰ লগতে আৱদ্ধ হৈ পৰিছে অস্থায়ীভাৱে দেশখনত বাস কৰা লোকসকল ৷ যাৰ ভিতৰত আছে একাধিক ভাৰতীয় নাগৰিক ৷ অসমৰো অধিকাংশ শিক্ষাৰ্থী সম্প্ৰতি দেশখনত বন্দী হৈ পৰিছে ৷ ইয়াৰ ভিতৰত আহিছে এটি ভাল খবৰ ৷ কিয়নো এতিয়াও সুকলমে আছে ইউক্ৰেইনত আৱদ্ধ টীয়কৰ অলিভিয়া আৰু মঙলদৈৰ হীৰক নামৰ দুগৰাকী শিক্ষাৰ্থী ৷

Russia Ukraine conflict
সুকলমে আছে ইউক্ৰেইনত আৱদ্ধ অলিভিয়া-হীৰক

দৰং/টীয়ক, 26 ফেব্ৰুৱাৰী : ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত হোৱা যুদ্ধৰ খবৰে (Russia Ukraine conflict) সংশয়ৰ সৃষ্টি কৰিছে অসমতো ৷ ইতিমধ্যে বহু ভাৰতীয় নাগৰিক যুদ্ধবিধ্বস্ত দেশখনত বন্দী হৈ থকাৰ খবৰ লাভ কৰা হৈছে ৷ অসমৰো বহুসংখ্যক লোক, বিশেষকৈ একাংশ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে দেশখনত ৷ সেইসকল শিক্ষাৰ্থীৰ অধিকাংশই সম্প্ৰতি উপস্থিত হ’ব পৰা নাই নিজ বাসগৃহত ৷ যাক লৈ চিন্তিত হৈ পৰিছে শিক্ষাৰ্থীসকলৰ পৰিয়ালসমূহ ৷

কিন্তু দুখৰ মাজতে সামান্য সকাহৰ খবৰ লাভ কৰিছে দুটাকৈ পৰিয়ালে ৷ পৰিয়াল দুটি হৈছে মঙলদৈৰ বেজপাৰাৰ হীৰকজ্যোতি হাজৰিকা আৰু টীয়কৰ লাহদৈগড়ৰ অলিভিয়া ৰাজমেধিৰ পৰিয়াল ৷ কিয়নো দুয়োগৰাকী শিক্ষাৰ্থীয়ে যুদ্ধৰ দামামা অব্যাহত থকাৰ সময়তে সুকলমে থকাৰ খবৰ লাভ কৰিছে পৰিয়ালে ৷

মঙলদৈৰ বেজপাৰাৰ নিবাসী শৰৎ চন্দ্ৰ হাজৰিকা আৰু প্ৰণীতা ৰাজমেধিৰ পুত্ৰ হীৰকজ্যোতি হাজৰিকা ৷ সম্প্ৰতি ইউক্ৰেইনতে আৱদ্ধ হীৰক চুমি ষ্টেট ইউনিভাৰ্চিটিত চিকিৎসা বিজ্ঞানৰ চতুৰ্থ বাৰ্ষিকৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰি আছে ৷ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হিচাপে নাম ভৰ্তি কৰা হীৰকে ২০১৮ চনত ইউক্ৰেইনলৈ গৈছিল ৷ বৰ্তমান ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘটিত যুদ্ধৰ বাবে স্ব-গৃহলৈ ঘূৰি আহিব পৰা নাই হীৰক ৷

মঙলদৈৰ হীৰকৰ ভিডিঅ’ বাৰ্তা

আনহাতে, বিগত তিনিবছৰে ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ ছাত্ৰী হিচাপে অধ্যয়নৰত টীয়কৰ লাহদৈগড়ৰ এগৰাকী ছাত্ৰী হৈছে অলিভিয়া ৰাজমেধি ৷ ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত অলিভিয়াৰ পৰিয়ালৰ লোক সম্প্ৰতি উদ্বিগ্ন হৈ পৰিছে ৷ ছাত্ৰীগৰাকীৰ মাতৃয়ে এই বিষয়ে এনেদৰে কয়-" বৰ্তমান যদিও যোগাযোগ হৈ আছে, কিন্তু ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিলে আমি অধিক শংকিত হৈ পৰিম"৷ কিন্তু বৰ্তমানে ছাত্ৰীগৰাকীয়ে সুকলমে সহযোগীসকলৰ সৈতে থকা বুলি ভিডিঅ’ বাৰ্তাযোগে সদৰী কৰিছে ৷

টীয়কৰ অলিভিয়াৰ ভিডিঅ’ বাৰ্তা

ইফালে, অধিক পৰিস্থিতি সৃষ্টি হোৱাৰ পূৰ্বেই ভাৰতীয় শিক্ষাৰ্থীসকলক ওভোতাই আনিবলৈ ভাৰত চৰকাৰক কাতৰ আহ্বান জনাইছে অলিভিয়াৰ মাতৃৰ লগতে হীৰকৰ পিতৃয়ে ৷

সম্প্ৰতি ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক দেশলৈ ঘূৰাই অনাৰ বাবে তৎপৰ হৈ উঠিছে ভাৰত চৰকাৰ ৷ ইতিমধ্যে কেইবাজনো ভাৰতীয় নাগৰিকে দেশখনৰ পৰা সুকলমে উভতি ভাৰত ভূমিত পদাৰ্পণ কৰিছে ৷ দেশখনত এতিয়াও আৱদ্ধ থকা নাগৰিকসকলক উভতাই আনিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্দেশ দিয়া (PM Modi instructions to bring back Indians from Ukraine) বুলি সদৰী কৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

লগতে চাওক: IAF chopper faces technical snag: ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত নিয়োজিত হেলিকপ্টাৰৰ অথন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.