দৰং,2 ডিচেম্বৰ : ওদালগুৰি জিলাৰ 32 নং ভেৰগাঁও পৰিষদীয় সমষ্টিত মঙলবাৰে পুৱাৰ ভাগত উপস্থিত হয় ৰাজ্য়িক বিজেপি সভাপতি ৰণজিৎ কুমাৰ দাস । ভেৰগাঁও পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ফটিক কছাৰীৰ সমৰ্থনত এক বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰি বিজেপিয়ে এইবাৰ কোকৰাঝাৰত এককভাৱে পৰিষদীয় চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে ৰণজিৎ দাসে ৷
ভেৰগাঁও খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা ডিমাকুচি বৰঙাজুলি সত্ৰত সেৱা লৈ পুনৰ ডিমাকুচি খেলপথাৰত শেষ কৰা হয় । সভাপতি দাসে সাংবাদিকৰ আগত কয় যে, ‘‘আমি বিটিচিবাসীৰ সৈতে মিত্ৰতা স্থাপন কৰিছো । বিপিএফ, ইউপিপিএল, গণ সুৰক্ষা পাৰ্টী আৰু কংগ্ৰেছ-এআইইউডিএফক শত্ৰু হিচাপে লৈ বিজেপি দলে নিৰ্বাচনী যুঁজত আগবাঢ়িছে ।
বিটিচিত এতিয়া সকলোৱে পৰিৱৰ্তন বিচাৰিছে বুলি উল্লেখ কৰাৰ লগতে বিপিএফ দলৰ দুৰ্নীতিৰ পৰা সকলোৱে পৰিত্ৰাণ পাব বিচাৰিছে বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপি সভাপতি গৰাকীয়ে ।
লগতে পঢ়ক : তিনিচুকীয়াৰ ভোটাৰৰ সুবিধাৰ্থে তিনিদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা নিৰ্বাচনী বিষয়াৰ