ETV Bharat / state

কৃষক পুত্ৰৰ সু-খ্যাতি অৰ্জন - ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়

আৰ্থিক দৈন্যতাক নেওচি 94% শতাংশ নম্বৰেৰে উজ্বলিল মঙলদৈৰ ঔতলাৰ শশাংক৷ শশাংকলৈ ১০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়ালে দৰঙৰ আৰক্ষী অধীক্ষকে ৷

কৃষক পুত্ৰৰ সু-খ্যাতি অৰ্জন
author img

By

Published : May 18, 2019, 10:49 AM IST

দৰং,18মেঃ বোকাৰ পদুম হৈ উজ্বলি উঠিল মঙলদৈৰ ঔতলা অঞ্চলৰ অহকা গাওঁৰ শশাংক ডেকা ৷ অতি দৰিদ্ৰ পৰিয়ালৰ শশাংকই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ 94 শতাংশ নম্বৰৰে উত্তীৰ্ণ হৈছে । সমাজ বিজ্ঞান বিষয়ত শশাংকই লাভ কৰিছে সম্পূৰ্ণ এশ শতাংশ নম্বৰ ৷ চাৰি বিঘা ভূমি থকা কৃষক পিতৃ দয়া ৰাম ডেকাই নিজৰ বাৰীত থকা পাণমুঠিয়েই হৈছে একমাত্ৰ জীৱিকাৰ সম্বল । ওচৰতে থকা সাপ্তাহিক বজাৰত পাণ বিক্ৰী কৰিয়েই পৰিয়ালটো পোহ-পাল আহিছে শশাংকৰ পিতৃয়ে । মাতৃ পূৰৱী ডেকাই ওচৰৰ চুবুৰীয়াৰ ইঘৰ সিঘৰত ভূঁই ৰোৱাৰ লগতে দিন হাজিৰা কৰি কোনো মতে দুই এপইছা উপাৰ্জন কৰিছে । দৰিদ্ৰ পৰিয়ালৰ শশাংকৰ এই উন্নত ফলাফলে গাঁৱখনৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

কৃষক পুত্ৰৰ সু-খ্যাতি অৰ্জন

পৰীক্ষাৰ ফলাফলৰ পিছতে অসংখ্য শুভাকাংক্ষীৰে ঘৰখন ভৰি পৰিছিল যদিও শশাংকৰ পিতৃ-মাতৃৰ চকুৰে নিগৰিছিল চকুপানী । দুবেলা দুমুঠি পেটে ভাতে খাবলৈ অসমৰ্থ শশাংকৰ পিতৃ-মাতৃয়ে নিজ পুত্ৰক কি দৰে ভাল শিক্ষানুষ্ঠানত উচ্চ শিক্ষাৰ বাবে পঢ়ুৱাৱ তাকে লৈ চিন্তিত হৈ পৰিছিল৷ কিন্তু মেধাৱী ছাত্ৰ শশাংকৰ উচ্চ শিক্ষাৰ বাবে সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহু কেইজন বিশিষ্ট ব্যক্তি তথা দৰঙৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান । দৰঙৰ আৰক্ষী অধীক্ষক অমিত ভূঞাই আজি বিয়লি শশাংকৰ ঘৰত উপস্থিত হৈ 10 হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্যৰ লগতে ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় শশাংকক৷ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত পাঠ্যপুথি ক্ৰয়ৰ বাবে এই সাহাৰ্য্য আগবঢ়োৱা বুলি অধীক্ষকজনে জানিবলৈ দিয়ে । কৃতি ছাত্ৰগৰাকীৰ বাসগৃহত আয়োজিত এক অনুষ্ঠানত ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কমল শৰ্মা, সাংবাদিকদ্বয় ভাৰ্গৱ কুমাৰ দাস, মুকুট ৰাজ শৰ্মা উপস্থিত থাকি বক্তব্য আগবঢ়ায় । আনহাতে, শশাংকক উচ্চতৰ মাধ্যমিকৰ দুটা বছৰ বিনামূলীয়াকৈ পঢ়ুৱাৰ দায়িত্ব লৈছে মঙলদৈৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৰঞ্জিত শৰ্মা একাডেমীয়ে ৷

as_drg_Sp money donated_as10006【FTP】

৯ ৪ শতাংশ নম্বৰৰে উজ্জ্বলিল ঔতলাৰ শশাংক।

দৰঙৰ আৰক্ষী অধীক্ষকে আগবঢ়ালে ১০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য

  বোকাৰ পদুম হৈ উজ্জ্বলি উঠিল মঙলদৈৰ ঔতলা অঞ্চলৰ অহকা গাওঁৰ শশাংক ডেকা। অতি দৰিদ্ৰ পৰিয়ালৰ শশাংকই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আতাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ  ৯৪ শতাংশ নম্বৰৰে উত্তীৰ্ণ হৈছে। শশাংকই সমাজ বিজ্ঞানত এশৰ ভিতৰত এশ শতাংশ নম্বৰ লাভ কৰিছে। চাৰি বিঘা ভূমি থকা কৃষক পিতৃ দয়া ৰাম ডেকাই নিজৰ বাৰীত থকা পাণমুঠিয়েই হৈছে একমাত্ৰ জীৱিকা। ওচৰতে থকা সপ্তাহিক বজাৰত পাণ বিক্ৰী কৰিয়েই পৰিয়ালটো চলি আহিছে। মাতৃ পূৰৱী ডেকাই ওচৰৰ চুবুৰীয়া ইঘৰ সিঘৰত ভূঁই ৰোৱাৰ লগতে দিন হাজিৰাও কৰে। শশাংকৰ এই উন্নত ফলাফলে গাওঁখনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে যদিও ঘৰৰ পৰিয়ালটোৰ কাৰনে যেন আনিছে এক বিপদৰ আগজাননীহে যেন আনি দিছে। কিয়নো মাত্ৰ নিতৌ তিনি ঘন্টা কৈ অধ্যয়ন কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শশাংকই উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত বিচৰা ধৰনে পঢ়ুৱাৱলৈ মাক দেউতাক অসমৰ্থ। পৰীক্ষাৰ ফলাফলৰ পিছতে শুভাকাংশী লোকেৰে ঘৰখন ভৰি পৰিছিল যদিও পিতৃ মাতৃৰ চকুৰে নিগৰিছিল চকুপানী। দুবেলা দুমুথি পেটে ভাতে খাবলৈ অসমৰ্থ শশাংকই ভাল শিক্ষানুষ্ঠানত উচ্চ শিক্ষাৰ বাবে পঢ়ুৱাৱ পাৰিবনে ? 
মেধাৱী ছাত্ৰ শশাংকৰ উচ্চ শিক্ষাৰ বাবে সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহু কেইজন বিশিষ্ট ব্যক্তি, অনুষ্ঠান প্ৰতিস্থান দৰঙৰ ।আৰক্ষী অধীক্ষক অমিত ভূঞাই আজি বিয়লি শশাংকৰ ঘৰত উপস্থিত হৈ ১০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্যৰ লগতে ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়। উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত পাঠ্যপুথি ক্ৰয়ৰ বাবে এই সাহাৰ্য্য আগবঢ়োৱা বুলি অধীক্ষকজনে জানিবলৈ দিয়ে। কৃতি ছাত্ৰগৰাকীৰ বাসগৃহত আয়োজিত এক চমু অনুষ্ঠানত ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অধ্যক্ষ কমল শৰ্মা, সাংবাদিকদ্বয় ভাৰ্গৱ কুমাৰ দাস, মুকুট ৰাজ শৰ্মা উপস্থিত থাকি বক্তব্য আগবঢ়ায়। আনহাতে শশাংকক উচ্চতৰ মাধ্যমিকৰ দুটা বছৰ বিনামূলীয়াকৈ পঢ়ুৱাৰ দায়িত্ব লৈছে মঙলদৈ আগশাৰীৰ শিক্ষানুষ্ঠান ৰঞ্জিত শৰ্মা একাডেমীয়ে দায়িত্ব গ্ৰহণ কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.