ETV Bharat / state

দৰঙত আলোচনাপন্থী আলফা নেতাসহ 7 জনক আটক - darrang news

বৃহস্পতিবাৰে দৰঙৰ লগতে ওদালগুৰি আৰু গুৱাহাটী মহানগৰীত অভিযান চলাই আলোচনাপন্থী আলফাৰ নেতাসহ মুঠ 7 জনকৈ লোকক আটক দৰং আৰক্ষীৰ ৷ আটকাধীন লোক কেইজনৰ ভিতৰত কেইজনমানে আলফাত দুখীয়া ঘৰৰ যুৱকক সদস্য ভৰ্তিৰ চেষ্টা কৰিছিল ৷ আৰক্ষীয়ে লোককেইজনক গ্ৰেপ্তাৰ কৰাৰ পিছত বহু দুখীয়া ঘৰৰ যুৱকৰ জীৱন ৰক্ষা পৰা বুলি জিলা আৰক্ষী অধীক্ষকে সদৰি কৰে ৷

ulfa arrest
আলোচনাপন্থী আলফা আটক
author img

By

Published : Jan 8, 2021, 10:01 AM IST

Updated : Jan 8, 2021, 10:22 AM IST

দৰং,8 জানুৱাৰী : দৰং জিলাৰ লগতে চুবুৰীয়া ওদালগুৰি আৰু গুৱাহাটী মহানগৰীত চলোৱা এক অভিযানত বৃহস্পতিবাৰে নিষিদ্ধ ঘোষিত আলফাৰে সম্পৰ্ক ৰখাৰ অভিযোগত আলোচনাপন্থী আলফাৰ নেতাসহ মুঠ 7 জনকৈ লোকক আটক কৰে দৰং আৰক্ষীয়ে ৷

দৰং জিলাৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই সম্বোধন কৰা এক সংবাদমেলত তেওঁ কয় যে, জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ পৰ্যবেক্ষণত বিগত এসপ্তাহ ধৰি এই অভিযান চলোৱা হয় ৷ বৃহস্পতিবাৰে অন্তিমজন লোকক আটক কৰাৰ পাচতে আৰক্ষীৰ বৃহত সফলতা বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

আলোচনাপন্থী আলফা আটক

আটকাধীন লোককেইজন ক্ৰমে- ছিপাঝাৰ থানাৰ অন্তৰ্গত কমাৰগাঁৱৰ খনিন্দ্ৰ কলিতা ওৰফে জ্যোতিষ (29), হিৰেণ কলিতা (35), নাপ্তাপাৰা গাঁৱৰ ধৰ্মেন্দ্ৰ ডেকা (26), ওদালগুৰি জিলাৰ হৰিশিঙা থানা এলেকাৰ বৰঙ্গাবাৰীৰ বলেন ডেকা (38) আৰু আমলাগুৰি গাঁৱৰ ধ্ৰুৱজ্যোতি বৈশ্য (37), মঙলদৈ কবিকাৰাৰ আলোচনাপন্থী আলফা সদস্য প্ৰসন্ন শইকীয়া ওৰফে প্ৰাণজিৎ চলিহা (58) আৰু গুৱাহাটী পাণ্ডুৰ ৰে’লৱে ক’লনীৰ আৱাসী অসীম অধিৰীকা ওৰফে ৰাজ দত্ত (27) ।

দৰঙৰ আৰক্ষী অধীক্ষকে সাংবাদিকক সদৰি কৰা মতে, গোপন সূত্ৰৰ পম খেদি খনিন্দ্ৰ কলিতা ওৰফে জ্যোতিষ, হিৰেণ কলিতা আৰু ধৰ্মেন্দ্ৰ ডেকাক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ ফোন কল পৰীক্ষা কৰাৰ পাচত ম্যানমাৰস্থিত আলফা নেতাৰ সৈতে যোগাযোগ ৰখাৰ তথ্য লাভ কৰে ।

উক্ত যুৱকেইজনৰ তথ্যৰ ভিত্তিত হৰিশিঙাৰ পৰা আন দুজন লোকক আটক কৰে আৰক্ষীয়ে । আলোচনা পন্থী আলফা নেতা প্ৰসন্ন শইকীয়াক আটক কৰাৰ বিপৰীতে অসীম অধিৰীকাক গুৱাহাটীৰ পৰা আটক কৰে ।

আৰক্ষীয়ে দাবী কৰে যে, আটকাধীন লোক কেইজনৰ ভিতৰত কেইজনমানে আলফাত দুখীয়া ঘৰৰ যুৱকক সদস্য ভৰ্তিৰ চেষ্টা কৰিছিল আৰু আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পাচত অতি দুখীয়া ঘৰৰ বহু যুৱকৰ জীৱন ৰক্ষা পৰে ৷

লগতে পঢ়ক : কলগাছিয়াত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

Last Updated : Jan 8, 2021, 10:22 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.