ETV Bharat / state

তাঁতশালত বিহুৱানৰ সলনি গামোচাৰে তৈয়াৰী মাস্কৰ পয়োভৰ - থ্ৰী মাদাৰ্ছ নামৰ স্বেচ্ছাসেৱী সংস্থা

এইবেলি ৰঙালীৰ ৰং নাই অসমীয়াৰ মাজত । তাঁতশালতো বিহুৱানৰ সলনি দেখিবলৈ পোৱা গৈছে গামোচাৰে তৈয়াৰী মাস্কৰ পয়োভৰ ।

sempstress sewings masks from gamosa in mangaldoi

author img

By

Published : Apr 12, 2020, 4:38 PM IST

দৰং, 12 এপ্ৰিলঃ কৰ'ণাৰ সংহাৰৰ মাজতে বসন্তই কঢ়িয়াই আনিছে হেঁপাহৰ ৰঙালী বিহুটি । পদুলিমুখ পালেহি বাপতিসাহোন ৰঙালী বিহু ৷ কিন্তু অসমীয়াৰ মনত এইবাৰ নাই ৰঙালীৰ উচাহ । প্ৰতি বছৰে ৰঙালী বিহুৰ সময়ত মংগলদৈৰ থ্ৰী মাদাৰ্ছ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে প্ৰস্তুত কৰা বিহুৱান ৰাইজৰ মাজত আগবঢ়াই দিয়ে বিক্ৰী বাবে । কিন্তু এইবাৰ দেখিবলৈ পোৱা গ'ল তাৰ এক ব্যতিক্ৰমী দৃশ্যহে । বিহুৱান নহয় ! বিহুৱানৰ সলনি থ্ৰী মাদাৰ্ছৰ সদস্যই বিক্ৰীৰ বাবে উলিয়াই দিলে গামোচাৰে প্ৰস্তুত কৰা মাস্ক । বজাৰত মাস্কৰ অভাৱৰ সময়তে, স্বেচ্ছাসেৱী সংস্থাটোৰ সদস্যসকলে দৈনিক ৫০০ৰ পৰা 600 খনলৈ মাস্ক প্ৰস্তুত কৰিছে আৰু প্ৰতিখন মাস্ক বিক্ৰী কৰিছে 40-50 টকা দৰত ।

তাঁতশালত বিহুৱানৰ সলনি গামোচাৰে তৈয়াৰী মাস্কৰ পয়োভৰ

এনেদৰেই এইবেলি তাঁতশালত বিহুৱান নহ'লেও, গামোচাৰে কৰ'ণাক ৰোধিবলৈ মাস্ক প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে শিপিনী সকলৰ মাজত ।

লগতে পঢ়কঃ ব'হাগ আহিল কিন্তু বিহু নাহিল : হতাশ ঢোল নিৰ্মাতা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.