ETV Bharat / state

দৰঙত অনিৰ্দিষ্ট কাললৈ জাৰি কৰা হৈছে ১৪৪ ধাৰা - darang

সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৭ বজালৈকে সকলো ধৰণৰ ফেৰী,নাও আৰু ভটভটী চলাচল আৰু অত্যাধিক বোজা কঢ়িওৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । ইয়াৰ উপৰি অসামৰিকলোকে সামৰিক পোছাক পৰিধানৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা প্ৰযোজ্য হ'ব। এই নিষেধাজ্ঞা অমান্য কৰা ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে,পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব ।

দৰঙত অনিৰ্দিষ্ট কাললৈ জাৰি কৰা হৈছে  ১৪৪ ধাৰা

author img

By

Published : Sep 18, 2020, 10:34 PM IST

দৰং,18 চেপ্টেম্বৰ : সমগ্ৰ দৰং জিলাখনত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশে তৎকালীনভাৱে বলবৎ হোৱাকৈ সমগ্ৰ জিলাতে জাৰি কৰিছে ১৪৪ ধাৰা । এই ধাৰা অনুসৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো শোভাযাত্ৰা,ধৰ্ণা অনুষ্ঠিত কৰা বা পথ অৱৰোধ কৰা তথা উপায়ুক্তৰ কাৰ্যালয়ত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ অথবা কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত অনাৱশ্যকীয় সমাগম বা ধৰ্ণা অনুষ্ঠিত কৰা তদুপৰি ৫ জন বা ততোধিক ব্যক্তি কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ ৰাজহুৱা স্থানত বা ৰাষ্ট্ৰীয় ঘাইপথত সমাগম হোৱা আদি বন্ধ কৰা হৈছে ৷

ইয়াৰ উপৰি সাম্প্ৰদায়িক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা শোভাযাত্ৰা,সভা,প্ৰতিবাদী সভা,ৰাজহুৱা স্থানত ব্যক্তি বা দলৰ দ্বাৰা মাৰণাস্ত্ৰ, লাঠি, চোকা অস্ত্ৰ-শস্ত্ৰ, ধনু-কাঁড়,ডেগাৰ-তৰোৱাল,ত্ৰিশূল আদি লৈ ফুৰা আৰু প্ৰদৰ্শন কৰা,কৰ্তৃপক্ষৰ অনুমতি অবিহনে মাইকৰ ব্যৱহাৰ কৰা,কোনো ব্যক্তি বা কাৰ্যালয়ৰ প্ৰাংগণ, গুদাম ঘেৰাও কৰা,ৰাজহুৱা স্থানত সভা,ৰেলী আয়োজন কৰা,চৰকাৰী গৃহ,বেৰত পোষ্টাৰ লিখনৰ লগতে জিলাখনলৈ অথবা জিলাখনৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা ৰাতিপুৱা ৭ বজালৈকে সকলো ধৰণৰ ফেৰী,নাও আৰু ভটভটী চলাচল আৰু অত্যাধিক বোজা কঢ়িওৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ উপৰি অসামৰিকলোকে সামৰিক পোছাক পৰিধানৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা প্ৰযোজ্য হ'ব। এই নিষেধাজ্ঞা অমান্য কৰা ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । উল্লেখযোগ্য যে,পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব ।

লগতে পঢ়ক : ডাঃ ৰাহুল বসুমতাৰীৰ হত্যাকাণ্ডকলৈ পুনৰ উত্তাল ওদালগুৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.