দৰং, 23 ফেব্ৰুৱাৰী : ছমাহৰ বাবে গৃহৰক্ষী বিভাগত চাকৰি কৰিবৰ বাবে বিষয়া কৰ্মচাৰীক 15 হাজাৰৰ পৰা 20 হাজাৰ টকা ঘোচ দিব লাগে ! এই অভিযোগ দৰং জিলা গৃহৰক্ষী বাহিনীৰ জোৱানৰ ৷
এফ চি আই, জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ কৰ্তব্যত নিয়োজিত হ'বলৈ আৰু অধিক ধন ঘোচ হিচাপে দিব লাগে বুলি প্ৰকাশ কৰিলে ক্ষুব্ধ গৃহৰক্ষী জোৱানে ৷
ইয়াৰ উপৰিও হোমগাৰ্ডৰ কমাণ্ডেন্ট গৰাকীয়ে ৰুবিয়া বেগম উপাধিৰ এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ জৰিয়তে এই লেনদেন সমূহ চলাই আহিছে বুলিও দাবী কৰিলে ক্ষুব্ধ গৃহৰক্ষী জোৱানে ৷
ক্ষুদ্ধ গৃহৰক্ষী জোৱানসকলে দৰং জিলা গৃহৰক্ষী বাহিনীৰ বিষয়া গৰাকীৰ লগতে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী গৰাকীক বদলি কৰাৰ লগতে এক উপযুক্ত বিচাৰ কৰিবলৈ দৰং জিলা উপায়ুক্তক আবেদন জনাব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : ফাগুনৰ বতৰ দুঃখবৰ : চিলা উৰুৱাই থকা শিশুৰ মৃত্যু