ETV Bharat / state

আছু ত্যাগ সন্দৰ্ভত স্থিতি স্পষ্ট ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

মঙলবাৰে দুদিনীয়া কাৰ্যসূচীৰে সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক অধিৱেশনত ভাগ লৈ নিজৰ স্থিতিত অটল থকাৰ কথা ব্যক্ত কৰে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ শেষ নিশ্বাস ত্যাগ কৰালৈকে সদৌ অসম ছাত্ৰ সন্থাৰ বাবে সেৱা কৰি যাব বুলি তেওঁ মন্তব্য কৰে ৷

samujjal kumar bhattacharya comment on aasu resigned
আছু ত্যাগ সন্দৰ্ভত স্থিতি স্পষ্ট ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ
author img

By

Published : Nov 11, 2020, 3:46 PM IST

দৰং, 11 নৱেম্বৰ : ওদালগুৰিত মঙলবাৰে পুনৰবাৰ নিজৰ স্থিতি স্পষ্ট কৰিলে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ ৰাজ্যত এখন পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰামৰ পোষকতা কৰি তেওঁ কয় যে,‘‘মই দলীয় আৰু নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসম আৰু খিলঞ্জীয়া মানুহৰ হকে কাম কৰি যাম ৷ ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰা বিষয়টো প্ৰধান বিষয় হ’ব’’ ৷

আছু ত্যাগ সন্দৰ্ভত স্থিতি স্পষ্ট ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

উল্লেখ্য যে,দুদিনীয়া কাৰ্যসূচীৰে সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় ৷ মঙলবাৰে ওদালগুৰিৰ পৌৰ সভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অধিৱেশনৰ প্ৰতিনিধি সভাত অংশ গ্ৰহণ কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷ ইয়াৰ লগতে অধিৱেশনখৰ অন্তিম দিনা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ,সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য প্ৰমুখ্যে বহু কেইজন শীৰ্ষ আছু নেতাই অংশগ্ৰহণ কৰে ।

সাংবাদিকৰে হোৱা বাৰ্তালাপত ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিভিন্ন জাতি-জনজাতি,জনগোষ্ঠী,ধৰ্মালম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ অসমত প্ৰভুত্ব,নিয়ন্ত্ৰণ থকাৰ লগতে অসমখন আমাৰ হৈ থাকিব লাগিব বুলি মন্তব্য কৰে ৷ অসমত এখন পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰামৰ অত্যন্ত প্ৰয়োজন আছে বুলিও তেওঁ উল্লেখ কৰে ।

ইফালে এই অধিৱেশনত ভট্টাচাৰ্যৰ অৱসৰ গ্ৰহণ কৰাৰ কথা পুনৰবাৰ উল্লেখ কৰি শেষ নিশ্বাস ত্যাগ কৰালৈকে সদৌ অসম ছাত্ৰ সন্থাৰ বাবে সেৱা কৰি যাব তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক : সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশনাঃ হাহাকাৰ বৰপেটাৰ আতচবাজী উদ্যোগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.