ETV Bharat / state

কুৰুৱাত সাহিত্য মনিষী উপবন আঁচনিৰ উদ্যান মুকলি বনমন্ত্ৰীৰ - parimal suklabaidya

শুকুৰবাৰে উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধীনৰ দৰং জিলাৰ কুৰুৱাৰ তেতেলীয়া পাহাৰত সাহিত্য মনিষী উপবন আঁচনিৰ অন্তৰ্গত এখন উদ্যান মুকলি কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

কুৰুৱাত সাহিত্য মনিষী উপবন আঁচনি
কুৰুৱাত সাহিত্য মনিষী উপবন আঁচনি
author img

By

Published : Aug 28, 2020, 10:20 PM IST

দৰং, 28 আগষ্ট: অসম চৰকাৰৰ বন বিভাগে এক আঁচনি গ্ৰহণ কৰিছে ৷ এই আঁচনিৰ জৰিয়তে ৰাজ্যজুৰি ভিন্ন প্ৰান্তত ২৪ খন সাহিত্য মনিষী উপবন স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ ইয়াৰে অংশ হিচাপে উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধীনৰ দৰং জিলাৰ কুৰুৱাৰ তেতেলীয়া পাহাৰত উপবনৰ শুভাৰম্ভণি কৰে ৷ বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শুভাৰম্ভণি কৰা অনুষ্ঠানটোতে তেওঁৰ লগতে উপস্থিত থাকে মূখ্য বন সংৰক্ষক অৰবিন্দ মাধৱ সিং, ছিপাঝাৰৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া, মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলা বিজেপিৰ সভাপতি অমৰেন্দ শৰ্মাৰ লগতে মধ্য অসম চক্ৰৰ বন সংৰক্ষক হেমকান্ত তালুকদাৰ ৷ প্ৰায় ৪ হেক্তৰ ভূমিত স্থাপিত হোৱা উদ্যানখনত ১০০০ বিধ ভিন্ন দুষ্প্ৰাপ্য আৰু ঔষধি গছ ৰোপন কৰা হৈছে ৷ বনমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমযোগে জানিবলৈ দিয়া অনুসৰি, জৈৱ-বৈচিত্ৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে চৰকাৰে এই আঁচনি গ্ৰহণ কৰিছে ৷

কুৰুৱাত সাহিত্য মনিষী উপবন আঁচনিৰ উদ্যান মুকলি বনমন্ত্ৰীৰ

লগতে পঢ়ক: যোৰহাটত ক'লা পতাকা উত্তোলন কৰি প্ৰতাৰণা দিৱস পালন আক্ৰাছুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.