ETV Bharat / state

Road Safety Meeting in Darrang: দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে দৰঙত আয়োজন পথ সুৰক্ষা সমিতিৰ সভা - পথ দুৰ্ঘটনা ৰোধ

বৃহস্পতিবাৰে দৰঙৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা হয় পথ সুৰক্ষা সমিতিৰ এক সভা ৷ এই সভাতে দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়ে বিস্তৃত্বভাৱে আলোচনা কৰা হয় ।

Road Safety Meeting held at commissioner office of Darrang
দৰঙত আয়োজন পথ সুৰক্ষা সমিতিৰ সভা
author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 8:42 AM IST

দৰং, 29 ছেপ্টেম্বৰ : দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত কৰা হয় । এই সভাত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ, ৰাষ্ট্ৰীয় ঘাইপথৰ ব্লেকষ্পট্সমূহত দুৰ্ঘটনা ৰোধ, জিলাখনৰ ভিতৰুৱা অঞ্চলৰ গুৰুত্বপূৰ্ণ পথসমূহত দুৰ্ঘটনা ৰোধ আদিৰ বিষয়ে বিস্তৃত্বভাৱে আলোচনা কৰা হয় ।

পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যুৱ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ৷ লগতে বাটৰ নাটৰ দৰে আদি কাৰ্যসূচীৰ জৰিয়তে সজাগতা বৃদ্ধিৰ বাবে ইতিপূৰ্বে সিদ্ধান্ত লোৱা হৈছিল । উক্ত সভাত এই কথা সদৰী কৰে দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে ৷

Road Safety Meeting held at commissioner office of Darrang
দৰঙত আয়োজন পথ সুৰক্ষা সমিতিৰ সভা

লগতে এই সভাত জিলা পৰিবহন বিষয়াই বৰ্তমানলৈকে গ্ৰহণ কৰা এনে সজাগতামূলক কাৰ্যসূচীৰ খতিয়ান দাঙি ধৰে । এনে সজাগতামূলক কাৰ্যসূচী আগন্তুক দিনবোৰত অধিক ব্যাপক কৰি তোলা হ'ব বুলি তেওঁ সভাত অৱগত কৰে । মঙলদৈৰ ট্ৰেফিক ছিগনেলসমূহত প্ৰয়োজনীয় লাইট, কৰ্তব্যৰত যানবাহন আৰক্ষীৰ বাবে উপযুক্ত শ্বেদ নিৰ্মাণৰ বাবে আগবাঢ়ি অহা বিত্তীয় প্ৰতিষ্ঠানে ইয়াৰ কামৰ অগ্ৰগতিৰ বিষয়ে সভাক অৱগত কৰে ।

জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে বৃহস্পতিবাৰে আয়োজিত সভাত উপস্থিত থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰতিনিধি বিষয়াকেইগৰাকীক মঙলদৈ বাইপাছ নিৰ্মাণৰ কাম আগবঢ়াবলৈ কয় । খৰালি কালত এই কাম যথাসম্ভৱ আগবঢ়াব লাগে আৰু জিলা প্ৰশাসনে ইয়াৰ বাবে সকলো প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াব বুলি তেওঁ লগতে কয় ।

দৰঙত পথ সুৰক্ষা সমিতিৰ সভা

জিলাখনৰ ভিতৰুৱা অঞ্চলত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উপযুক্ত গতিৰোধক নিৰ্মাণ আৰু আন প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ তেওঁ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে । বৃহস্পতিবাৰে আয়োজিত এই সভাত পথ সুৰক্ষাৰ সৈতে জড়িত বিভাগসমূহৰ বিষয়াৰ লগতে যানবাহন-পৰিবহনৰ বিভিন্ন সংস্থা-সমিতি আৰু সামাজিক অনুষ্ঠানৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : CM zindabad slogan: কলগাছিয়াৰ প্ৰাৰ্থনা সভাত হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.