দৰং, 18 ছেপ্টেম্বৰ : ছিপাঝাৰত ভয়াবহ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত বাইক আৰোহী ৷ ছিপাঝাৰৰ ঘোৰাবান্ধাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত নৈশ বাছে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত বাইক আৰোহী যুৱক ৷ মৃত যুৱক জনৰ নাম কমল চহৰীয়া ৷ যুৱক জনক প্ৰায় এশ মিটাৰ দূৰলৈ চোঁচৰাই নিয়ে ৷ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা AS15 AC 2769 নং ৰ নৈশ বাছ খন মংগলদৈত আৰক্ষীয়ে জব্দ কৰে ৷
লগতে পঢ়ক : বাক্সাত দৰ্জা ভাঙি যুৱতীক বলাৎকাৰ