ETV Bharat / state

মঙলদৈত 72’ ৰ মাধ্যম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ মোজাম্মিল হকক স্মৰণ

মঙলদৈত অসম সাহিত্য সভাই ৭২ ৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ মৃত্যু দিনটো 'মাতৃভাষা দিৱস' হিচাপে উদযাপন ।

author img

By

Published : Oct 6, 2021, 9:34 PM IST

মঙলদৈত 72 ৰ মাধ্যম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ মোজাম্মিল হকক স্মৰণ

দৰং,6 অক্টোবৰ : মঙলদৈত অসম সাহিত্য সভাই 72’ ৰ ভাষা বা মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ মৃত্যু দিনটোক "মাতৃভাষা দিৱস" হিচাপে উদযাপন কৰিছে ৷ উল্লেখযোগ্য যে, গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শিক্ষাৰ মাধ্যম আঞ্চলিক ভষা অসমীয়া কৰিবলৈ যুক্তিসন্মত সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগেই আৰম্ভ হৈছিল 1972 চনত মাধ্যম আন্দোলন ৷

ইপিনে অসম বিধানসভাই 1972 চনৰ 23 ছেপ্তেম্বৰত কাছাৰৰ কাৰণে সুকীয়া বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাব গ্ৰহণ কৰাত তাৰ তীব্ৰ বিৰোধিতা কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই ৷ ৰাইজক সজাগ কৰি ছাত্ৰ সন্থাই সমগ্ৰ অসমজুৰি আন্দোলন গঢ়ি তুলিছিল চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৷

সেই আন্দোলনৰ প্ৰভাৱ মঙলদৈতো পৰিছিল ৷ সেই অনুসৰিয়েই 1972 চনৰ 5 অক্টোবৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সেই দিনা মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মোজাম্মিল হকেও আন আন ছাত্ৰ-ছাত্ৰীৰ সৈতে স্বেচ্ছাসেৱকৰ লগত 18 কিলোমিটাৰ নিলগৰ খাৰুপেটীয়াত পেকেটিং কৰিবলৈ গৈছিল ৷

সেই পেকেটিং কাৰ্যসূচীতে এচাম দুৰ্বৃত্তই প্ৰহাৰ কৰে মোজাম্মিল হকক ৷ তাৰ পাছতে 6 অক্টোবৰত মোজাম্মিল হকে জীৱন মুত্যুৰে যুঁজি যুঁজি সকলোকে কন্দুৱাই অজান দেশলৈ গুচি যায় ৷

সেই তেতিয়াৰ পৰাই মাত্ৰ 15 বছৰ বয়ষতে চিৰ চেনেহী মোৰ ভাষা জননীৰ পূজাৰ বেদীত প্ৰাণ আহুতি দিয়া মোজাম্মিল হকক 1972 ৰ ভাষা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ হিচাপে ঘোষণা কৰা হয় ৷ তেতিয়াৰ পৰাই প্ৰতিবছৰে 6 অক্টোবৰৰ দিনটো মাতৃভাষা দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ৷

লগতে পঢ়কঃ চৰকাৰৰ প্ৰতাৰণা-প্ৰবঞ্ছনা : জংঘললৈ যোৱাৰ হংকাৰ ২৭ হেজাৰ গৃহৰক্ষী জোৱানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.