দৰং,27 মে’: সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো কৰ’ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ এই সময়তে মঙলদৈ ৰাজহ চক্ৰত চাৰিটাকৈ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিবলগীয়া হৈছে প্ৰশাসনে । ইপিনে অসম চৰকাৰৰ নিৰ্দেশমৰ্মে আজি মঙলদৈ ৰাজহ চক্ৰৰ উক্ত কণ্টেইনমেণ্ট জ’নসমূহত সাহায্য বিতৰণ কৰে প্ৰশাসনে ।
মঙলদৈ চহৰৰ মাজমজিয়াত এল এন বি ৰোডৰ সমীপতে থকা কণ্টেইনমেণ্ট জ’নত এই সাহায্য প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰশাসনে । মঙলদৈ ৰাজহ চক্ৰৰ বিষয়া, কৰ্মচাৰীসকলৰ লগতে মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস উপস্থিত থাকি সাহায্য প্ৰদান কাৰ্যসূচী সম্পন্ন কৰে ।
উল্লেখযোগ্য যে, মঙলদৈৰ মাজমজিয়াত কণ্টেইনমেণ্ট জ’নত থকা 13 টাকৈ ক’ভিড আক্ৰান্ত পৰিয়ালক এই সাহায্য প্ৰদান কৰা হয় । এই সাহায্যত চাউল, দালি, আলু, পিঁয়াজ, তেল, নিমখকে আদি কৰি প্ৰায় দুই হাজাৰ টকাৰ খাদ্য সামগ্ৰীৰ যোগান ধৰা হৈছে ৷ একেদৰে অধিকাৰী গাঁও, থেকেৰাবাৰী আৰু মঙলদৈ চহৰৰ ৬নং ৱাৰ্ডত থকা কণ্টেইনমেণ্ট জ’নতো সাহায্য প্ৰদান কৰে প্ৰশাসনে ।
লগতে পঢ়ক: মহামায়া বনাঞ্চলত বিৰল প্ৰজাতিৰ শগুণ উদ্ধাৰ