দলগাঁও, ৪ এপ্ৰিল: দলগাঁৱৰ ৰুহিনীকাষ গাওঁ, গধাইঝাৰ গাঁৱৰ লগতে কেইবাটাও অঞ্চলত বিগত কিছুদিন ধৰি আতংকৰ সৃষ্টি কৰি আহিছিল দুটাকৈ গঁড়ে ৷ গঁড় দুটাৰ খবৰ পাই ডি এফ অ’ সন্দীপ বিড্ডী , জিলা অতিৰিক্ত উপায়ুক্ত বিজয় ভাস্কৰ ৰেড্ডী, দলগাঁও আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ এটা বৃহৎ দল উপস্থিত হয় ৷
তদুপৰি গুৱাহাটী চিৰিয়াখানাৰ পৰা অহা এটা বিশেষজ্ঞ দলে গঁড়কেইটা সেই স্থানৰ পৰা খেদি পঠিয়াবলৈ চেষ্টা কৰে । কেইবা ঘন্টাৰ অন্তত ট্ৰেংকুলাইজ কৰে গধাইঝাৰ গাঁৱত মাকৈ খেতি পথাৰত থকা এটা গঁড়ক । ইফালে ৰুহিনীকাষ গাঁৱত থকা আন এটা গঁড় ট্ৰেংকুলাইজ কৰা নাই বুলি সদৰি কৰিছে বিশেষজ্ঞ দলে ।
অৱশেষত দেওবাৰে বিশেষজ্ঞ দলে দলগাঁৱৰ বৰুৱাঝাৰত মাকৈ খেতিৰ ভিতৰত গঁড়টোৱে আশ্ৰয় লৈ থকা অৱস্থাত ট্ৰেংকুইলাইজ কৰিবলৈ সক্ষম হয় দ্বিতীয়টো গঁড় । বিশেষজ্ঞ দলে বন বিভাগৰ বিষয়া কৰ্মচাৰী, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সহযোগত গঁড়টো ট্ৰেংকুইলাইজ কৰি পিঞ্জৰাৱদ্ধ কৰে ৷
উল্লেখ্য যে, গঁড় দুটা খাদ্যৰ সন্ধানত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰে । গঁড় দুটাই দলগাঁৱৰ বিভিন্ন স্থানত সৃষ্টি কৰিছিল আতংক ৷
শনিবাৰে পুৱতি নিশাৰ পৰা জন বসতিপূৰ্ণ অঞ্চল দলগাঁৱত জংচেৰ আলি নামৰ এজন শিক্ষক এই গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় । আহত শিক্ষকজনক ততাতৈয়াকৈ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
লগতে পঢ়ক: চ'তৰ বোকোচাত উঠি আকৌ আহিল হেঁপাহৰ ব’হাগ