ETV Bharat / state

সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে সৰৱ দৰং জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদ - বিজেপি

সত্যৰঞ্জন বৰাক উচিত শাস্তি প্ৰদানৰ দাবীৰে শনিবাৰে ধুলা থানাৰ অন্তৰ্গত চক বজাৰত প্ৰতিবাদ সাব্যস্ত কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিয়ে ৷ বিতৰ্কৰ আবৰ্তত থকা বিজেপি নেতা গৰাকীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

দৰং জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদ
দৰং জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদ
author img

By

Published : Sep 19, 2020, 4:40 PM IST

দৰং, 19 চেপ্তেম্বৰ: বিতৰ্কৰ আবৰ্তত থকা বিজেপি নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে সৰৱ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতি ৷ অভিযোগ অনুসৰি, মুছলমান মহিলাসকলৰ বিৰুদ্ধে সত্যৰঞ্জন বৰাই কৰিছে বিতৰ্কিত মন্তব্য ৷ যাৰ বাবে বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবীৰে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে দৰং জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ একাংশ কৰ্মকৰ্তাই ৷

সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে সৰৱ দৰং জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদ

প্ৰতিবাদকাৰীসকলে উল্লেখ কৰা অনুসৰি, "কিছুদিন পূৰ্বে ইছলাম ধৰ্মীয় গ্ৰন্থ কোৰাণৰ বিৰুদ্ধেও বিতৰ্কিত নেতাগৰাকীয়ে কৰিছিল বিৰূপ মন্তব্য ৷ কেৱল সেইয়াই নহয়, তেওঁ ইছলাম ধৰ্মীয় লোক সকলক আক্ৰমণ কৰাৰ বাবে কিছুমান মিছা কথাৰ আশ্ৰয় লৈ লেখনি লিখি তেওঁলোকক হাৰাশাস্তি কৰি আহিছে ৷ এইবাৰ পুনৰ তেওঁলোকৰ নাৰী সমাজক সত্যৰঞ্জন বৰাই অপমান কৰাৰ পাচতো বিজেপি চৰকাৰে নেতা গৰাকীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে ৷"

প্ৰতিবাদকাৰীসকলে নেতাগৰাকীক বিজেপিৰ "দালাল" আখ্যা দি তেওঁ বাৰে বাৰে বিশেষ সম্প্ৰদায়টোৰ লোকক হাৰাশাস্তি প্ৰদান কৰাৰ পাচতো অসম আৰক্ষী নিৰৱ হৈ আছে বুলি অভিযোগ কৰে ৷ অসম আৰক্ষীয়ে নেতা গৰাকীক ৰক্ষণাবেক্ষন দি আছে বুলিও অভিযোগ কৰে ক্ষুব্ধ প্ৰতিবাদকাৰী সকলে ৷ শনিবাৰে ধুলা থানাৰ অন্তৰ্গত চক বজাৰত সত্যৰঞ্জন বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি, আগন্তুক দিনত যদি নেতা গৰাকীয়ে বিশেষ সম্প্ৰদায়টোৰ নাৰী সকলৰ বিষয়ে বিৰূপ মন্তব্য কৰে তেন্তে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মনে মনে বহি নাথাকে বুলি সকিয়নী প্ৰদান কৰে ৷ লগতে অসমখন সত্যৰঞ্জন বৰাৰ সম্পত্তি নহয় বুলিও সমালোচনা আগবঢ়ায় প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: ডুমডুমাত বিধায়ক দুৰ্গা ভূমিজ, সঞ্জয় কিষাণ আৰু সুৰেন ফুকনৰ প্ৰতিমূৰ্ত্তি দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.