ETV Bharat / state

মঙলদৈত মটৰ মালিক, শ্ৰমিক সন্থাৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Feb 14, 2022, 10:18 PM IST

প্ৰাপ্য বিচাৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে মটৰ মালিক, শ্ৰমিক সকলে (Protest by commercial transport Owners and workers) ৷ পৌৰসভা নিৰ্বাচনত অসহযোগ কৰাৰ হুংকাৰ সৰু ডাঙৰ মটৰ মালিক শ্ৰমিক সন্থাৰ ৷

owners-workers-sangstha-protest-in-mangaldoi
মঙলদৈত মটৰ মালিক, শ্ৰমিক সন্থাৰ উত্তাল প্ৰতিবাদ

মঙলদৈ, 13 ফেব্ৰুৱাৰী : ৰাজ্যত সমাগত পৌৰসভা নিৰ্বাচন ৷ ইফালে মঙলদৈত সৰু ডাঙৰ মটৰ মালিক শ্ৰমিক সন্থাৰ উত্তাল প্ৰতিবাদ ৷ নিজৰ প্ৰাপ্তৰ পৰা বঞ্চিত সৰু ডাঙৰ মটৰ মালিক, শ্ৰমিকে সোমবাৰে মঙলদৈ ভেবাৰঘাটত নিজৰ ক্ষোভ উজাৰি এক প্ৰতিবাদী সমদল গঢ়ি তোলে (Protest by commercial transport Owners and workers) ৷

অভিযোগ অনুসৰি, 2021 চনৰ লোকসভা নিৰ্বাচনত ব্যৱহৃত সৰু ডাঙৰ মটৰ, শ্ৰমিক সকলৰ যাতায়তৰ বাবে দৰং জিলা প্ৰশাসনৰ পৰা পাবলগীয়া টকা আদায় নিদিয়াৰ বাবে মঙলদৈ ভেবাৰঘাটত সৰু ডাঙৰ মটৰ মালিক, শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই টকাৰ পৰিমাণ প্ৰায় 1 কোটি 20 লাখ বুলি জানিব পৰা গৈছে ৷

সমাগত পৌৰসভা নিৰ্বাচনৰ পূৰ্বে এইসকল বঞ্চিত মটৰ মালিক, শ্ৰমিক সকলে পূৰ্বৰে পাবলগীয়া বৃহৎ পৰিমাণৰ এই ধন আদায় নিদিলে পৌৰসভা নিৰ্বাচনত সহযোগ নকৰে বুলি প্ৰকাশ কৰিলে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : Covid protocol withdraw: 15 ফেব্ৰুৱাৰীৰ পৰা নাথাকিব ক'ভিড বিধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.