দৰং, 17 চেপ্টেম্বৰঃ অসম আৰক্ষীৰ চূড়ান্ত বৰ্বৰতা ৷ দৰং জিলাৰ বুঢ়া আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই তিনিগৰাকী যুৱতীক উলংগ কৰি ওৰে নিশা শাৰীৰিক উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । এই জঘন্য কাণ্ডত সহযোগ কৰাৰ অভিযোগ বিনীতা নামৰ এগৰাকী কনিষ্টবলৰ বিপক্ষে । মহিলা কেইগৰাকীক যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ বিষয়াজনৰ বিৰুদ্ধে । যোৱা ৯ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই কাণ্ড।
তথ্যানুসৰি,তিনিগৰাকী যুৱতীক গুৱাহাটীৰ পৰা উঠাই নি অত্যাচাৰ চলাইছিল বুঢ়া আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই । অভিযোগ অনুসৰি,অভিযুক্তক নাপাই আত্মীয়ক উঠাই নিছিল আৰক্ষীয়ে । মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে দৰঙৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে । ভুক্তভোগীৰ অভিযোগ, বিষয়টো গাপ দিয়াৰ চেষ্টা দৰং আৰক্ষী অধীক্ষকৰ । আনহাতে এইপৰ্যন্ত মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই দৰং আৰক্ষীয়ে । এতিয়া প্ৰশ্ন হয় যি সময়ত থানাৰ ভিতৰত আচামীক প্ৰহাৰ কৰাটোৱেই নীতিবৰ্হিভূত তেনেক্ষেত্ৰত বিনাদোষীক এনে ধৰণেৰে বিনা দোষত শাস্তি বিহাটো কিমান দূৰ যুক্তিযুক্ত?