ETV Bharat / state

মেট্ৰিক পৰীক্ষা হলত বায়েকে কৈ গ’ল আৰু লিখি গ’ল ভনিয়েকে.. - কমল বৰাৰ কন্যা ৰুণা

শাৰিৰীক সক্ষমতা যে জীৱনত হেঙাৰ হ’ব নোৱাৰে তাৰে এক উদাহৰণ দাঙি ধৰিলে মঙলদৈৰ এগৰাকী ছাত্ৰীয়ে ৷ পৰীক্ষা হলত ছাত্ৰীগৰাকীয়ে কৈ গ’ল আৰু উত্তৰ বহীত লিখি গ’ল কনিষ্ঠ ভগ্নীয়ে ৷

মেট্ৰিক পৰীক্ষা হলত বায়েকে কৈ গ’ল আৰু লিখি গ’ল ভনিয়েকে..

author img

By

Published : Feb 11, 2020, 3:53 AM IST

Updated : Feb 11, 2020, 5:06 AM IST

দৰং, 11 ফেব্ৰুৱাৰীঃ সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা ৷ ৰাজ্যৰ 860 টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে ৰাজ্যৰ মুঠ ৩ লাখ ৫৮ হাজাৰ ৪৫৩ গৰাকী পৰীক্ষাৰ্থী ৷

ইয়াৰ মাজতেই দৰং জিলাৰ মঙলদৈৰ এগৰাকী ছাত্ৰীয়ে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সকলোৰে ৷ জীৱনত যদি আগুৱাই যোৱাৰ মনত প্ৰবল ইচ্ছা শক্তি থাকে তেন্তে কোনো শাৰিৰীক সক্ষমতা অথবা অন্যান্য কাৰণ যে বাধা হ’ব নোৱাৰে তাৰে প্ৰমাণ দাঙি ধৰিলে ছাত্ৰীগৰাকীয়ে ৷

হয়, আমি কৈছো প্ৰফুল্ল নগৰৰ বাসিন্দা কমল বৰাৰ বিশেষ ভাবে সক্ষম জীয়ৰী ৰুণা বৰাৰ কথা ৷ জন্মৰ পৰাই বিশেষ ভাবে সক্ষম ৰুণা ৷ এক জটিল ৰোগত আক্ৰান্ত এইগৰাকী ছাত্ৰী ৷ জীৱন সংগ্ৰামত প্ৰতিদিনে ৰুণাক প্ৰয়োজন হয় 17 টাকৈ টেবলেটৰ ৷ কিন্তু তথাপি হাৰ মনা নাই ৰুণাই ৷ অন্তৰত পুহি ৰাখিছে আগুৱাই যোৱাৰ উদম্য শক্তি ৷

ৰুণা বৰাৰ জীৱন আদৰ্শ

তাৰেই ফলস্বৰূপে এইবাৰ অৱতীৰ্ণ হৈছে সোমবাৰৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৷ অৱশ্যে শাৰীৰিক ভাবে দুৰ্বল হোৱা বাবে আঙুলিৰে কলম ধৰিব নোৱাৰে ৰুণাই ৷ সেইবাবে বিদ্যালয়ৰ পৰিদৰ্শকৰ অনুমতি সাপেক্ষে ৰুণাৰ লগত পৰীক্ষা হলত সংগ দিছে অষ্টম মানৰ নিজৰ কনিষ্ঠ ভগ্নী তৃষ্ণামণি বৰাই ৷ ৰুণাই কৈ যায় আৰু উত্তৰ লিখি যায় ভগ্নীয়ে ৷ ৰুণাৰ আশা এইবাৰ পৰীক্ষাত ভাল ফলাফল কৰিবলৈ সক্ষম হ’ব তাই ৷

Intro:বায়েকৰ পৰীক্ষাত ভনীয়েকে লিখি সহায় কৰিলে
# বায়েকে কয় ভনীয়েকে উত্তৰ বহিত লিখে Body:
# বিশেষ ভাবে সক্ষম মঙ্গলদৈ ৰ ছাত্ৰী ৰুনা বৰাক পৰীক্ষাত লিখি সহায় কৰিলে অষ্টম মানৰ ছাত্ৰী নিজৰ ভনীয়েক তৃষ্ণামণি বৰাই
মঙ্গলদৈ প্ৰফুল্ল নগৰৰ বাসিন্দা কমল বৰা , তেখেতৰ দুজনী কন্যা ডাঙৰ জনীৰ নাম ৰুনা বৰা আৰু সৰু জনীৰ নাম তৃষ্ণামণি বৰা , ৰুনা বৰা জন্মৰ পৰাই বিশেষ ভাবে সক্ষম এগৰাকী ছাত্ৰী , আৰু এক জটিল ৰোগত আক্ৰান্ত এগৰাকী ছাত্ৰী , প্ৰতিদিনে প্ৰয়োজন হয় 17 টাকৈ টেবলেট , তথাপি ছাত্ৰী গৰাকী হাৰ মনা নাই , নিয়মিত বিদ্যালয় লৈ যোৱাৰ উপৰিও সংগীত চৰ্চা কৰে , তাই গান গাব পাৰে , এইবাৰ মেট্ৰিক পৰীক্ষাত অৱৰ্তীন হৈছে ছাত্ৰী গৰাকী , মঙ্গলদৈ টাউন হাইস্কুল হৈছে তাইৰ পৰীক্ষা ৰ চেণ্টাৰ , শাৰীৰিক ভাবে দুৰ্বল আৰু কলম আঙুলি ৰে ধৰিব নোৱাৰে ,সেইবাবে বিদ্যালয়ৰ পৰিদৰ্শক পৰা অনুমতি সপক্ষে ৰুণাৰ লগত একেলগে পৰীক্ষা ত বহিল নিজৰে ভনীয়েক অষ্টম মানৰ ছাত্ৰী তৃষ্ণামণি বৰা , বায়েকে কৈ গল বহীত উত্তৰ লিখিলে ৷ৰুণাৰ আশা এইবাৰ ভাল ৰিজাল্ট কৰিব তাই ৷Conclusion:Debabrat goswami,Darrang
Last Updated : Feb 11, 2020, 5:06 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.