ETV Bharat / state

পুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু বৃদ্ধ পিতৃ-মাতৃৰ - পিতৃ-মাতৃয়ে ৰুজু কৰিলে গোচৰ

দীৰ্ঘদিন ধৰি পুত্ৰ অনিল কুমাৰ নামৰ লোকজনৰ বিৰুদ্ধে বৃদ্ধ পিতৃ-মাতৃক শাৰিৰীক-মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ কৰে পিতৃ-মাতৃয়ে ৷ আনকি ডিঙি চেপি, চুৰিৰে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে বৃদ্ধ পিতৃ -মাতৃক ৷ অৱশেষত পুত্ৰৰ বিৰুদ্ধে পাথৰিঘাট আৰক্ষী চকীত পিতৃ-মাতৃয়ে ৰুজু কৰে এক গোচৰ ৷

পুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু বৃদ্ধ পিতৃ-মাতৃৰ
author img

By

Published : Aug 20, 2019, 5:37 PM IST

দৰং,20 আগষ্টঃ সভ্য সমাজক লজ্জানত কৰা তেনে এক জঘন্য ঘটনা সংঘটিত হৈছে ছিপাঝাৰৰ দেওমৰনৈৰ কুমাৰপাৰা গাঁৱত ৷ পুত্ৰৰ ভয়ত অৱশেষত আৰক্ষী চকীত উপস্থিত অসহায় বৃদ্ধ পিতৃ-মাতৃ ৷

পুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু বৃদ্ধ পিতৃ-মাতৃৰ

দীৰ্ঘদিন ধৰি পুত্ৰ অনিল কুমাৰে বৃদ্ধ পিতৃ-মাতৃক শাৰিৰীক-মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ পুত্ৰৰ বিৰুদ্ধে ৷ তাৰোপৰি অনিলে মাতৃক শাৰিৰীক অত্যাচাৰ কৰি পিন্ধি থকা বস্ত্ৰ চিঙি পেলোৱাৰ অভিযোগ মাতৃৰ ৷ আনকি ডিঙি চেপি, চুৰিৰে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ বৃদ্ধ পিতৃ-মাতৃৰ ৷ পুত্ৰৰ হাতত মৃত্যুৰ ভয়ত পিতৃ-মাতৃয়ে নিজ গৃহ এৰি পলায়ন কৰিবলৈ বাধ্য হয় ৷ প্ৰায় ১৫ দিন ধৰি বৃদ্ধ পিতৃ-মাতৃয়ে পুত্ৰৰ ভয়ত অনাই-বনাই ঘুৰি ফুৰি অৱশেষত পাতিলে ৰাইজ মেল ৷ ৰাইজ মেলত কুলাংগাৰ পুত্ৰই দেখুৱালে ৰণচণ্ডী ৰুপ ৷ ৰাইজ মেলত বৃদ্ধ পিতৃ -মাতৃক দিলে ৰাইজে আইনী ব্যৱস্থা গ্ৰহণৰ পৰাৰ্মশ ৷ অৱশেষত বৃদ্ধ পিতৃ-মাতৃ দুগৰাকীয়ে পাথৰিঘাট আৰক্ষী চকীত পুত্ৰৰ বিৰুদ্ধে তৰিলে গোচৰ ৷

উল্লেখ্য যে,চৰকাৰে যিমানেই কঠোৰ আইন বলবৎ নকৰক কিয় এইখন অসম মুলুকত সঘনাই সংঘটিত হৈছে পুত্ৰৰ হাতত পিতৃ-মাতৃ শাৰিৰিক অত্যাচাৰৰ বলি হোৱা ঘটনা ৷ এতিয়া উক্ত ঘটনাৰ বিৰুদ্ধে আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব উল্লেখনীয় ৷

Intro:ছিপাঝাৰত কুলংগাৰ পুত্ৰৰ বাবে বৃদ্ধ পিতৃ - মাতৃ গৃহহীন ৷

ছিপাঝাৰত লজ্জা জনক ঘটনা ৷

পিতৃ - মাতৃক পুত্ৰৰ শাৰিৰিক অত্যাচাৰ ৷

ছিপাঝাৰৰ দেওমৰনৈৰ কুমাপাৰাৰ ঘটনা এয়া ৷

কুলংগাৰ পুত্ৰৰ নাম অনিল কুমাৰ ৷

পুত্ৰৰ অত্যাচাৰত ১৫ দিনে পলায়ন পিতৃ- মাতৃ ৷

পুত্ৰই চুৰি দেখুৱাই মৃত্যুৰ ভাবুকি দিয়াত ভয়ত পলায়ন বৃদ্ধ পিতৃ - মাতৃ ৷

অৱশেষত আত্মৰক্ষাৰ বাবে পাথৰিঘাট আৰক্ষী চকীত পুত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিলBody:চৰকাৰে যিমানেই কঠোৰ আইন বলবৎ নকৰক কিয় এইখন অসম মুলুকত সঘনাই সংঘটিত হৈছে পুত্ৰৰ হাতত পিতৃ -মাতৃ শাৰিৰিক অত্যাচাৰৰ বলি হোৱা ঘটনা ৷ সভ্য সমাজক লজ্জানত কৰা তেনে এক জঘণ্য ঘটনা সংঘটিত হৈছে ছিপাঝাৰৰ দেওমৰনৈৰ কুমাৰপাৰা গাঁওত ৷ মদৰ ৰাগীত মাতাল পুত্ৰক পিতৃ - তাৰেণী কুমাৰে পৈতৃক মাটি পুত্ৰৰ নামত লিখি নিদিয়াৰ বাবে কুলংগাৰ পুত্ৰ অনিল কুমাৰে বৃদ্ধ পিতৃ- মাতৃক দীৰ্ঘ দিনৰ পৰাই চলাই আহিছে শাৰিৰিক - মানসিক নিৰ্যাতন ৷ অৱশেষত মাতৃক শাৰিৰিক অত্যাচাৰ কৰি চিঙি পেলালে মাতৃয়ে পিন্ধি থকা বস্ত্ৰ ৷ ডিঙি চেপি চুৰিয়ে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিলে বৃদ্ধ পিতৃ -মাতৃক ৷ পুত্ৰৰ হাতত মৃত্যু বৰন কৰাৰ ভয়ত পিতৃ - মাতৃয়ে হাতত সাৰে ভৰিত সাৰে পলায়ন কৰিলে আত্মৰক্ষাৰ বাবে ৷ ১৫ দিন বৃদ্ধ পিতৃ -মাতৃয়ে পুত্ৰৰ ভয়ত অনাই বনাই ঘুৰি ফুৰি অৱশেষত পাতিলে ৰাইজ মেল ৷ যত উপস্থিত আছিল পঞ্চায়ত সভাপতি , গাওঁৰ গাঁওবুঢ়া , গাঁও সদস্য আৰু গাঁওৰ সৰহ সংখ্যক জ্যেষ্ঠ লোক ৷ ৰাইজ মেলত কুলংগাৰ পুত্ৰই দেখুৱালে ৰণচণ্ডী ৰুপ ৷ ৰাইজ মেলত বৃদ্ধ পিতৃ -মাতৃক দিলে আইনী ব্যৱস্থা গ্ৰহনৰ পৰাৰ্মশ ৷ সেয়ে কলিৰ যুগৰ পৰশুৰামৰ হাতত মাতৃ হত্যা হোৱাৰ ভয়ত এই দুই বৃদ্ধ - বৃদ্ধা পাথৰিঘাট আৰক্ষী চকীত আহি দাখিল কৰিলে পুত্ৰৰ বিৰুদ্ধে এজাহাৰ ৷ Conclusion:আৰক্ষী চকীত উপস্থিত হৈ বৃদ্ধ পিতৃ - মাতৃয়ে আমাৰ সাংবাদিকৰ আগত কান্দি কান্দি কুলংগাৰ পুত্ৰৰ কথা কি দৰে ব্যক্ত কৰিলে.
Debabrat goswami,Darrang
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.