মঙলদৈ, ২৮ মে': ক'ভিড-১৯ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দৰং জিলা প্ৰশাসনে কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা হাতত লৈছে । ইয়াৰে এক অংশ হিচাপে মঙলদৈ নগৰ বালিকা প্ৰাথমিক বিদ্যালয়ত এক আদৰ্শ টীকাকৰণ আৰু পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে । দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ বৰা আৰু তেওঁৰ সহযোগী বিষয়া, সহকাৰী আয়ুক্ত ৰিণি হাজৰিকাই জনোৱা মতে, ২৮ মে'ৰ পৰা কাৰ্যকৰী হ'বলগীয়া এই কেন্দ্ৰটো অন্য টীকাকৰণ কেন্দ্ৰ অথবা পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা কিছু পৃথক ।

এই কেন্দ্ৰটোত ক'ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অথবা ক'ভিডৰ পৰীক্ষা বাবে অহা ব্যক্তিসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি খোৱা পানী, জিৰণি কোঠা, ছেনিটাইজাৰ আদিৰ পৰ্যাপ্ত ব্যৱস্থা কৰা হৈছে । বিশেষভাৱে সক্ষম লোকসকলৰ বাবেও যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে । লগতে এই কেন্দ্ৰটো অন্য কেন্দ্ৰসমূহতকৈ যথেষ্ট পৰিস্কাৰ হ'ব বুলি সহকাৰী আয়ুক্ত হাজৰিকাই জানিবলৈ দিয়ে ।

উল্লেখ্য যে, কেন্দ্ৰটোত বৰ্তমান ৪৫ বছৰৰ উৰ্ধৰ লোকসকলক প্ৰতিষেধক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে । শীঘ্ৰেই ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তি সকলকো প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি সহকাৰী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়ক:জামুগুৰিহাটৰ কন্টেইনমেন্ট জ’নত খাদ্যৰ টোপোলা বিতৰণ চক্ৰ বিষয়াৰ